নেশ্যনেল ডেস্ক, 10 আগষ্ট :মণিপুৰত শাম কটা নাই পৰিস্থিতি ৷ মণিপুৰত সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসম ৰাইফলছৰ লগতে কেইবাটাও সামৰিক বাহিনীৰ গোট নিয়ন্ত্ৰণ কৰা হৈছে ৷
শেহতীয়াকৈ বুধবাৰে মণিপুৰৰ 40 জন বিজেপি বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰৰ পৰা অসম ৰাইফলছৰ দল প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ পিচতে বৃহস্পতিবাৰে শাসকীয় দলৰ আন 10 গৰাকী জনজাতীয় বিধায়কৰ এটা দলে মোদীক মণিপুৰৰ পৰা অসম ৰাইফলছ বাহাল ৰাখিবলৈ আহ্বান জনায় ৷
ৰাজ্যখনৰ কুকি-জোহ-মাৰ জনজাতীয় সম্প্ৰদায়ৰ 10 গৰাকী বিধায়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ দাখিল কৰা এখন স্মাৰকপত্ৰত উল্লেখ কৰে যে, অসম ৰাইফলছক ৰাজ্যখনৰ পৰা আঁতৰ কৰিব নালাগে কিয়নো ই জনজাতীয় লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ক্ষতি কৰিব আৰু বিপদত পেলোৱাৰো সম্ভাৱনা আছে ৷ " সেয়েহে আমি বিনম্ৰভাৱে ৰাজ্যখনত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু ৰাজ্যখনত পুনৰ শান্তি ঘূৰাই আনিবলৈ বাফাৰ জ’নসমূহত নিয়ম উলংঘা নকৰিব কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক নিৰ্দেশনা দিবলৈ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো ৷"