নেশ্যনেল ডেস্ক, 1 অক্টোবৰ:দেশজুৰি নিৱনুৱা সমস্যাই (Unemployment in india)ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতেই এতিয়া এটা চাকৰিৰ বাবে হাহাকাৰ কৰিছে একাংশ নিবনুৱাই ৷ এটা চৰকাৰী চাকৰিৰ বাবে খোৱা-কামোৰা লাগিছে হিমাচল প্ৰদেশত (Unemployment in Himachal)৷
জিলাখনত শেহতীয়াকৈ ওলোৱা এটা কনিষ্ঠ কাৰ্যালয় সহায়িকা পদৰ কাৰণে খোৱা-কামোৰা লাগিছে 10,000 প্ৰাৰ্থীয়ে ৷ হিমাচল প্ৰদেশৰ 43 টা পৰীক্ষা কেন্দ্ৰত 10,000 প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷ অহা 9 অক্টোবৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা(10000 candidates for one post) ৷