নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : তামিলনাডুত শোকাৱহ ঘটনা ৷ মঙলবাৰৰ দিনটোতেই দুটাকৈ আতচবাজী উদ্যোগত বিস্ফোৰণ ৷ এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে 15 জনৰো অধিক শ্ৰমিক আহত হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, তামিলনাডুৰ বিৰুধুনগৰৰ সমীপৰ শিৱকাশীৰ দুটা পৃথক আতচবাজী উদ্যোগত বিস্ফোৰণ সংঘটিত হয় ৷ প্ৰথমটো বিস্ফোৰণ এম. বুধুপট্টি ৰেংগোপালায়ামত অৱস্থিত কানিষ্কাৰ আতচবাজী কাৰখানাত সংঘটিত হয় ৷ এই উদ্যোগটোত 15 জনৰো অধিক শ্ৰমিক কৰ্মৰত হৈ আছিল ৷ ইয়াৰে 9 গৰাকী শ্ৰমিক ঘটনাস্থলীতেই অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে ৷ মৃত লোককেইজন হ’ল ভক্যম (35), মহাদেৱী (50), পঞ্চবৰ্ণম (35), বালামুৰুগান (30), তামিলচেলভি (55), মুনীশ্বৰী (32), থাংগামালাই (33), অনিতা (40) আৰু গুৰুভাম্মল (55) ৷
আনহাতে দ্বিতীয়টো বিস্ফোৰণ ৰেড্ডিয়াপট্টি অঞ্চলত অৱস্থিত মুথু বিজয়নৰ মালিকানাধীন এটা আতচবাজী কাৰখানাত সংঘটিত হয় ৷ এই বিস্ফোৰণটোত ভেম্বু নামৰ এজন শ্ৰমিকে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় ৷ ইয়াৰ বিপৰীতে কেইবাজনো শ্ৰমিক আহত হয় ৷