অসম

assam

By

Published : Jul 21, 2023, 7:39 PM IST

ETV Bharat / bharat

Benefits of Cashew and Raisins: দৈনিক কাজু-কিচমিচ খোৱাৰ ১০টা স্বাস্থ্য উপকাৰিতা জানি লওক

সুস্বাস্থ্যৰ বাবে কাজু, কিচমিচ একেলগে খালে আমি আমাৰ শৰীৰৰ যথেষ্ট উপকাৰিতা সাধন হয় । গতিকে জানো আহক, এই দুয়োবিধ শুকান ফল একেলগে খালে কি লাভ হ’ব পাৰে ।

10 Health benefits of eating cashew and raisins every day
দৈনিক কাজু-কিচমিচ খোৱাৰ ১০টা স্বাস্থ্য উপকাৰিতা জানি লওক

বাদাম খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । বাদামত থকা ভিটামিন শৰীৰৰ বাবে অতি উপকাৰী । বাদামত পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে । ভিটামিন ই, কেলচিয়াম, প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফাইবাৰ, কপাৰ, মেংগানিজ, ফছফৰাছ, মেগনেছিয়াম আৰু জিংক আদি খনিজ পদাৰ্থও প্ৰচুৰ পৰিমাণে পোৱা যায় । ইয়াৰ উপৰিও থাইয়ামিন, ভিটামিন বি ৬, ভিটামিন কে, আইৰণ, পটাছিয়াম আদিও পোৱা যায় । এই সকলোবোৰ পুষ্টিকৰ উপাদান স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় । আনহাতে কাজু, কিচমিচ একেলগে খালে আমি বহু উপকাৰিতা লাভ কৰো । গতিকে জানো আহক, এই দুয়োবিধ শুকান ফল একেলগে খালে কি লাভ হ’ব পাৰে ।

হৃদযন্ত্ৰৰ স্বাস্থ্য:কাজুত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা পুষ্টিকৰ উপাদান থাকে । ইয়াত মনোচেচুৰেটেড ফেট আৰু ভিটামিন ই থাকে যিয়ে হৃদৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ।

পাচন শক্তি:কিচমিচত ভাল পৰিমাণৰ আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায় ।

শক্তিৰ উৎস: কাজুত প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু প্ৰয়োজনীয় চৰ্বি থাকে যিয়ে শক্তিৰ উৎস হিচাপে কাম কৰে আৰু শাৰীৰিক আৰু মানসিক চাপ কমায়।

ভিটামিন আৰু খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস: কাজু আৰু কিচমিচত ভিটামিন A, ভিটামিন C, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰা ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । ইয়াৰ উপৰিও কাজু আৰু কিচমিচত আইৰণ, ফছফৰাছ, মেগনেছিয়াম আৰু কেলচিয়ামও থাকে, যিয়ে শৰীৰৰ গঠন উন্নত কৰে ।

মানসিক স্বাস্থ্য:কাজুত থকা ভিটামিন B6 আৰু কিচমিচত থকা মেগনেছিয়ামে মানসিক স্বাস্থ্য উন্নত কৰে, মানসিক চাপ কমায় আৰু টোপনিৰ সৈতে জড়িত সমস্যাৰ পৰা সকাহ দিয়ে ।

ছালৰ বাবে উপকাৰী:কাজুত থকা ভিটামিন ই আৰু কিচমিচত এন্টিঅক্সিডেন্ট পোৱা যায় যিয়ে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি ৰাখে ।

আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখক: কাজু আৰু কিচমিচত থকা পুষ্টি আৰু ভিটামিনৰ সমৃদ্ধিয়ে আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখে আৰু শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে ।

ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে:কিচমিচত ভিটামিন বি-৩ (নিয়াচিন) থাকে যিয়ে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰে ।

ওজন নিয়ন্ত্ৰণ: কাজু আৰু কিচমিচত আঁহ আৰু প্ৰটিনৰ পৰিমাণ থাকে যিয়ে খাদ্য হজম কৰাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে ।

বয়স বৃদ্ধিৰ বিৰুদ্ধে যুঁজ: কাজু আৰু কিচমিচত ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে বয়স বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে ।

মন কৰিব যে, সুষম আৰু স্বাস্থ্যসন্মত খাদ্যৰ দ্বাৰা এই সুবিধাসমূহ সম্ভৱপৰ । কাজু আৰু কিচমিচ অতিৰিক্তভাৱে সেৱন নকৰিব যাতে আন সমস্যাৰ সৃষ্টি নহয় ।

লগতে পঢ়ক:Best Places of India: জুলাই-আগষ্ট মাহত ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে এই স্থানসমূহ আপোনাৰ বাবে হ’ব উত্তম

ABOUT THE AUTHOR

...view details