অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল - আগৰতলা চাৰ্কিত হাউচ

আগৰতলা চাৰ্কিত হাউচৰ সমীপত থকা গান্ধী মূৰ্তিৰ ওচৰত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি মঙলবাৰে পুনৰ ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল যদিও প্ৰশাসনে ক'ভিড প্ৰট'কল ভংগৰ দোহাই দি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা শিক্ষক সকলক উভটাই পঠিয়াবলৈ চেষ্টা কৰাত শিক্ষকসকলেও সেই স্থানৰ পৰা আঁতৰি যায় ৷

ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল
ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল

By

Published : May 4, 2021, 9:37 AM IST

আগৰতলা, 4 মে': ত্ৰিপুৰাত অব্যাহত আছে চাকৰি হেৰুওৱা শিক্ষকৰ প্ৰতিবাদ ৷ 10,323 গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছৰে পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল চাকৰি হেৰুওৱা শিক্ষক সকলে ৷ মঙলবাৰে পুনৰ শিক্ষকসকলে আগৰতলা চাৰ্কিত হাউচৰ সমীপত থকা গান্ধী মূৰ্তিৰ ওচৰত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি প্ৰতিবাদ সাব্যস্ত কৰে ৷

চাকৰীৰ পৰা বৰ্খাস্ত কৰা শিক্ষকসকলক পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষক সকলে ৷ কিন্তু প্ৰশাসনে ক'ভিড প্ৰট'কল ভংগৰ দোহাই দি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা শিক্ষক সকলক উভটাই পঠিয়াবলৈ চেষ্টা কৰাত শিক্ষকসকলেও সেই স্থানৰ পৰা আঁতৰি যায় ৷

ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ প্ৰতিবাদৰ প্ৰচেষ্টা বিফল

উল্লেখ্য যে, 10,323 গৰাকী বৰ্খাস্ত শিক্ষক সংগঠনটোৰ মুখপাত্ৰ বিজয় কৃষ্ণ সাহাই জনোৱা অনুসৰি, ‘শিক্ষক সকলে নতুন নিৰ্দেশনাৰ প্ৰতি অৱগত নাছিল ৷ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে যিহেতু তাৰিখ পূৰ্বেই নিৰ্ধাৰণ কৰা আছিল গতিকে শিক্ষক সকলে তাত গোট খাইছিল ৷ আমি কোনো আইন ভংগ নকৰো ৷ সেয়েহে যিমান সোনকালে পাৰো সেই স্থান এৰি আহিছো ৷ কিন্তু আমাৰ লগত কৰা অন্যায়ৰ বাবে এই প্ৰতিবাদ অব্যাহত থাকিব ৷’

ইফালে, এছডিপিঅ' এনচিচি পিয়া মাধুৰী মজুমদাৰে কয়, শিক্ষকসকলে প্ৰতিবাদ কৰিবলৈ অনুমতি বিচাৰিছে কিন্তু তেওঁলোকক এই সময়ত অনুমতি দিব নোৱাৰি কিয়নো মুখ্য সচিবে ইতিমধ্যে সকলো ধৰণৰ সমাৱেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নিৰ্দেশ অথবা আইনৰ কোনো বিভাজন যাতে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ইয়াত আছো। গতিকে শিক্ষকসকলক অনুমতি দিব নোৱাৰিলো ৷

লগতে পঢ়ক:ত্ৰিপুৰাত ঘৰুৱা হিংসাৰ পৰিণতিত আহত 4জন ব্যক্তি

ABOUT THE AUTHOR

...view details