অসম

assam

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 10:54 PM IST

ETV Bharat / snippets

ভয়ংকৰ পথ দুৰ্ঘটনা: এজন নিহত, আহত আন এজন

One killed and one injured in road accident in Manikpur
ভয়ংকৰ পথ দুৰ্ঘটনা (ETV Bharat Assam)

মাণিকপুৰ,৩০ জুলাই: মাণিকপুৰৰ পাতিলাদহা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত এজন, গুৰুতৰভাৱে আহত হয় আন এজন । দুই মটৰচাইকেলৰ সংঘৰ্ষৰ ফলত AS-26-G-2513 মটৰচাইকেলৰ চালক আৰু আৰোহী বাগৰি পৰে । বাগৰি পৰা মটৰচাইকেলৰ চালক আৰু আৰোহীক এখন ট্ৰাকে মহটিয়াই পলায়ন কৰে । ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় এজন আৰু আহত হয় আনজন ।

নিহতজনৰ এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই যদিও আহতগৰাকী মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং গৰাইমাৰীৰ আহমেদ আলী বুলি চিনাক্ত কৰা হয় । আহতজনৰ অৱস্থা সংকটজনক হোৱাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

ABOUT THE AUTHOR

...view details