অসম

assam

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 8:08 PM IST

ETV Bharat / snippets

চৰকাৰী নিৰ্দেশ উলংঘা কৰি চাকৰিৰ পৰা নিলম্বিত বন বিভাগৰ শীৰ্ষ বিষয়া

Dima hasao CCF MUANTHANG TUNGNUNG suspended for violating government orders
নিলম্বিত বন বিভাগৰ শীৰ্ষ বিষয়া (ETV Bharat)

হাফলং, 9 জুলাই: চৰকাৰী নিৰ্দেশ উলংঘা কৰি চাকৰিৰ পৰা নিলম্বিত হ’ল ডিমা হাছাও জিলাৰ বন বিভাগৰ বন সংৰক্ষক মুয়ানথাং টুংনোং । যোৱা 13 ফেব্ৰুৱাৰীৰ দিনা ডিমা হাছাও জিলাৰ বন বিভাগৰ বন সংৰক্ষক মুয়ানথাং টুংনোংক বৰপেটাৰোডস্থিত মানস অভয়াৰণ্যৰ ক্ষেত্ৰ সঞ্চালক হিচাবে বদলি দিয়া হৈছিল আৰু 16 মাৰ্চত তেওঁক ডিমা হাছাও জিলাৰ বন বিভাগৰ চিচিএফ আৰু দক্ষিণ অসম প্ৰান্তৰ শিলচৰ চক্ৰৰ অতিৰিক্ত কনজার্ভেটৰ অব ফ’ৰেষ্টৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পিচতে মুয়ানথাং টুংনোঙক মানস অভয়াৰণ্যৰ মুখ্য বন সংৰক্ষক হিচাবে যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও সেই নিৰ্দেশ উলংঘন কৰাৰ বাবে টুংনোঙকক চাকৰিৰ পৰা নিলম্বন কৰা হয় ।

ABOUT THE AUTHOR

...view details