অসম

assam

ETV Bharat / videos

টকা দুগুণ কৰাৰ প্ৰলোভন : লাখ লাখ টকা লুণ্ঠন কৰা দুই প্ৰৱঞ্চক আৰক্ষীৰ জালত - Fake bank in Jorhat

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:21 PM IST

যোৰহাট, ৪ ছেপ্টেম্বৰ : যোৰহাটৰ পৰা অন্তৰ্ধান হৈছিল এটা বেংকৰ লগতে বেংকটোৰ বিষয়া-কৰ্মচাৰী । ফলত বেংকটোৰ গ্ৰাহকসকলৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ৷

ইয়েছ মানি ডিজিটেল বেংক নামৰ তথাকথিত বিত্তীয় প্ৰতিষ্ঠানটোৱে টকা দুগুণ কৰাৰ প্ৰলোভনত গ্ৰাহকে জমা কৰিছিল লাখ লাখ টকা । কষ্টোপাৰ্জিত ধন লুটি বেংকটোৰ CEO বনমালি হাজৰিকাকে ধৰি নৱজ্যোতি পায়েং, জগন্নাথ পেগু, প্ৰসেনজিৎ নৰহ, গৌতম কলিতাৰ উপৰিও শীৰ্ষ বিষয়াসকল যোৰহাট পৰা অন্তৰ্ধান হৈছিল ৷

গ্ৰাহকৰ লাখ লাখ টকা লুটি পলায়ন কৰা উক্ত বিষয়াকেইগৰাকীৰ ভিতৰত নলবাৰীৰ বনমালি হাজৰিকা(CEO), ডিব্ৰুগড়ৰ গৌতম কলিতাক যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে বিভিন্ন স্থানত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে উক্ত বেংকটোৰ জড়িত থকা লোকসকলে ভাৰাঘৰৰ মালিককো লুণ্ঠন কৰিছিল । যোৰহাট নগৰৰ পৰা নিকটৱৰ্তী পুলিবৰত এজন ব্যক্তিৰ ঘৰ ভাৰালৈ লৈ ১৭ এপ্ৰিলত ইয়েছ মানি ডিজিটেল বেংক নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটো মুকলি কৰা হৈছিল ৷

লগতে পঢ়ক : চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ

ABOUT THE AUTHOR

...view details