পানীয়ে উটালে বালিয়ে পুতিলে ধান খেতি; দিশহাৰা কৃষক - Assam Flood 2024
Published : Jul 9, 2024, 1:37 PM IST
মাণিকপুৰ, ৯ জুলাই: বাৰিষা আহিলেই যেন বঙাইগাঁও জিলাৰ ২ নং বাশবাৰী আৰু টেন্টনপুৰলৈ নামি আহে ঘোৰ অমানিশা । সকলোৰে দিন যায়, ৰাতি নুপুৱাই অৱস্থা । বানে দিশহাৰা কৰিছে ৰাইজক । শেহতীয়া বানৰ ফলত বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী নদীত জাহ গৈছে । বহু কৃষিভূমি খহনীয়াৰ কৱলত পৰিছে । বালিত পোত গৈছে কৃষিভূমি । বছৰৰ দ্বিতীয়টো বানে নিদ্ৰাহৰণ কৰিছে অঞ্চলটোৰ ৰাইজৰ ।
বালি দেখি বাশবাৰী আৰু টেন্টনপুৰত খেতিয়কসকলৰ মাজত লাগিছে হাহাকাৰ । যোৱা এসপ্তাহত দুবাৰকৈ আই নদীৰ পানীয়ে বুৰাই পেলাইছে খেতিপথাৰ । কিন্তু পানী শুকোৱাৰ পিচতে পথাৰ ভৰি পৰিছে বালিৰে । কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত কেৱল বালি আৰু বালি । পথাৰ নহয় যেন মৰুভূমিহে ।
অতি কষ্টৰে ভূঁই ৰুই বছৰটোৰ বাবে ভঁড়াল চহকী কৰাৰ উদ্দেশ্যে খেতি কৰিছিল যদিও সেই সপোন তচনচ কৰিছে বলিয়া বানে । ফলত বৃহৎ লোকচানৰ সম্মুখীন হ'বলগীয়া হৈছে কৃষকসকল । বানত ক্ষতিগ্ৰস্ত কৃষকসকলে সাহায্য আগবঢ়োৱাৰ বাবে দাবী চৰকাৰক দাবী জনাইছে ।