বাক্সাত পৰিবহন কোষৰ দায়িত্বত থকা কৰ্মচাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ - Lok Sabha Election 2024
Published : May 6, 2024, 9:07 PM IST
বাক্সা, 6 মে’ : নিৰ্বাচনী বিষয়া-কৰ্মচাৰীক ভোটগ্ৰহণ কেন্দ্ৰলৈ নিয়াৰ বাবে ব্যৱস্থা কৰা পৰিবহণৰ দায়িত্বত থকা কৰ্মচাৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ বাক্সা জিলাত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে পৰিবহন কোষৰ দায়িত্বত কৰ্মচাৰী অসীম দাসৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিলে একাংশ বাহনৰ গৰাকীয়ে ৷ ঘন্টাৰ পিচত ঘন্টা ধৰি ৰৈ থাকিব লগা হোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷
নিৰ্বাচনত দায়িত্বত নিয়োজিত থকা বাহনসমূহে সময়মতে ইন্ধন লাভ নকৰাৰ অভিযোগ ৷ যাৰ বাবে প’লিং-প্ৰিজাইডিং বিষয়াসকল ভোটকেন্দ্ৰলৈ যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় ৷ আহাৰ গ্ৰহণৰ বাবে গৈ বহু সময়লৈকে কৰ্মচাৰীজন ঘূৰি নহাত এই হাৰাশাস্তিৰ সন্মুখীন হয় বাহনৰ গৰাকী তথা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকল ৷ নিৰ্বাচনক লৈ জিলা প্ৰশাসন তৎপৰ হৈ থকাৰ পিচতো এগৰাকী কৰ্মচাৰীৰ এই কৰ্মকাণ্ডই এতিয়া সকলোকে আচৰিত কৰি তুলিছে ৷
লগতে পঢ়ক : ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ: হাৰাশাস্তি যাত্ৰীৰ - City Bus Crisis In Guwahati