অসম

assam

ETV Bharat / technology

আপত্তিজনক দৃশ্য ব্লাৰ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিলে JioTV প্লাছে

JioTV+'s new feature: JioTV+ এ এটা নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে যিয়ে আপোনাৰ পৰিয়ালৰ সৈতে টিভি চোৱাৰ সময়ত প্ৰাপ্তবয়স্ক দৃশ্যসমূহ স্বয়ংক্ৰিয়ভাৱে চেঞ্চৰ কৰিব ।

JioTV+'s new feature to hide adult scenes, the scene will be blurred with the help of AI
আপত্তিজনক দৃশ্য ব্লাৰ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিলে JioTV প্লাছে (JioTV+)

By ETV Bharat Tech Team

Published : Nov 7, 2024, 3:35 PM IST

হায়দৰাবাদ: আজৰি সময়ত পৰিয়ালৰ সৈতে একেলগে বহি ছবি, ধাৰাবাহিক আদি উপভোগ কৰি আমাৰ সকলোৰে ভাল লাগে ৷ পৰিয়ালৰ সৈতে চিনেমা বা টিভি শ্ব’ চাই থাকোঁতে কেতিয়াবা ছবি বা ধাৰাবাহিকখনৰ একো একোটা প্ৰাপ্তবয়স্ক দৃশ্যই পৰিৱেশটো অস্বস্তিকৰ কৰি তোলে । এই দিশটোলৈ লক্ষ্য ৰাখিয়েই অ’টিটি এপ্লিকেচনে গ্ৰহণ কৰিছে পদক্ষেপ আৰু সমস্যাটো সমাধান কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিছে ।

JioTV+ এ AI Censor নামৰ এটা নতুন ফিচাৰ প্ৰৱৰ্তন কৰিছে, যিয়ে প্ৰাপ্তবয়স্কৰ দৃশ্যসমূহ স্বয়ংক্ৰিয়ভাৱে ব্লাৰ কৰি পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰাটো সম্ভৱ কৰি তুলিছে । AI-চালিত সঁজুলিটোৱে এনে পৰিস্থিতিত প্ৰয়োজনৰ সময়ত অডিঅ’ পৰ্যন্ত নিস্ক্ৰিয় কৰি পেলায় । ইনষ্টাগ্ৰামত এটা ভিডিঅ’ যোগে কনজিউমাৰ টেকন’লজিৰ প্ৰবীণ ৰাজীৱ মাখনীয়ে এই বৈশিষ্ট্য প্ৰদৰ্শন কৰে ।

ৰাজীৱ মাখনীয়ে প্ৰদৰ্শন কৰা অনুসৰি, এই বৈশিষ্ট্যই সমগ্ৰ পৰ্দাখন অস্পষ্ট কৰে যেতিয়া ই এটা বিশেষ ছেগমেণ্টত R-ৰেটিং বা 18+ কন্টেন্ট ধৰা পেলায় । এনে পৰিস্থিতিত শিশুক সুৰক্ষা দিবলৈ অ’টিটি এপে প্ৰয়োজনৰ সময়ত অডিঅ’টোও চেঞ্চৰ কৰে ।

JioTV+ কি?

JioTV+ এপটো JioTV এপ্লিকেচনতকৈ পৃথক । জিঅ’টিভি এণ্ড্ৰইড আৰু আইঅ’এছত উপলব্ধ মোবাইল ভিত্তিক প্লেটফৰ্ম যদিও জিঅ’টিভি+ হৈছে জিঅ’ৰ ছেট-টপ-বক্সত প্ৰি-ইনষ্টল কৰা এটা কন্টেন্ট এগ্ৰিগেটৰ প্লেটফৰ্ম । এণ্ড্ৰইড টিভি, এপল টিভি আৰু এমাজন ফায়াৰ অ’এছকে ধৰি অন্যান্য স্মাৰ্ট টিভি প্লেটফৰ্মৰ বাবেও এই এপটো উপলব্ধ ।

অৱশ্যে ই কেৱল জিঅ’ফাইবাৰ আৰু জিঅ’এয়াৰফাইবাৰৰ গ্ৰাহকৰ বাবেহে কাম কৰে । JioTV+ এপটোৱে ডিজনী+ হটষ্টাৰ, এমাজন প্ৰাইম ভিডিঅ’, চ’নীএলআইভি, G5 আৰু অধিককে ধৰি 14টাতকৈও অধিক অ’টিটি প্লেটফৰ্মৰ পৰা কন্টেন্ট প্ৰদান কৰে । ইয়াৰ উপৰিও 800 ৰো অধিক লাইভ টিভি চেনেল উপলব্ধ । উপলব্ধ OTT চাবস্ক্ৰিপচনসমূহ আপোনাৰ JioFiber পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰে ।

স্মাৰ্ট টিভিত জিঅ’টিভি+ ব্যৱহাৰ কৰিবলৈ আপুনি স্মাৰ্ট টিভি এপ ষ্ট’ৰৰ পৰা এপ্লিকেচনটো ডাউনলোড কৰি আপোনাৰ জিঅ’ফাইবাৰ বা জিঅ’এয়াৰফাইবাৰ একাউণ্টত পঞ্জীয়ন কৰা মোবাইল নম্বৰেৰে লগ ইন কৰিব পাৰিব । ভেৰিফিকেশ্যনৰ বাবে আপোনাৰ ফোনলৈ প্ৰেৰণ কৰা এককালীন পাছৱৰ্ড (OTP) দিয়াৰ পিছত এপ্লিকেচনটোৱে কাম আৰম্ভ কৰিব ।

লগতে পঢ়ক: চীনা মোবাইল নেটৱৰ্কক অতিক্ৰম কৰি শীৰ্ষস্থানত জিঅ’

আগন্তুক বৰ্ষত আই পি এলৰ মেচ উপভোগ কৰক ডিজনী+ হটষ্টাৰত

কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ উন্নয়নৰ বাবে হাত মিলালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু Nvidia ই

ABOUT THE AUTHOR

...view details