হায়দৰাবাদ:ইটালীৰ কোম্পানী ডুকাটিয়ে ভাৰতৰ বজাৰত মুকলি কৰিছে এখন নতুন বাইক ডেজাৰ্টএক্স ডিস্কভাৰী । ই এডভেঞ্চাৰ বাইক ষ্টেণ্ডাৰ্ড আৰু ৰেলী ডেজাৰ্টএক্স লাইনআপৰ অংশ । যদিও এই নতুন বাইকখনত অতিৰিক্ত বৈশিষ্ট্য সংযোজন কৰা হৈছে, তথাপিও ইয়াৰ ৰং সলনি কৰা হোৱা নাই । নতুন ফিচাৰৰ বাবে এই বাইকৰ দাম বৃদ্ধি পাইছে ।
Ducati DesertX Discovery মূল্য
ডুকাটি ডেজাৰ্টএক্স ডিস্ক’ভাৰী বাইকৰ মূল্য 21,78,200 টকা (এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয় । যিটো ষ্টেণ্ডাৰ্ড ডুকাটি ডেজাৰ্টএক্স ভেৰিয়েণ্টতকৈ 3.45 লাখ টকা বেছি । এই বাইকে ট্ৰাইমফ টাইগাৰ 900 ৰেলী প্ৰ’ আৰু বিএমডব্লিউ এফ 900 জিএছৰ দৰে অন্যান্য এডভেঞ্চাৰ বাইকৰ সৈতে সহজেই প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।
Ducati DesertX Discovery ৰ নতুন বৈশিষ্ট্য
ডুকাটি ডেজাৰ্ট এক্স ডিস্কভাৰী দুটা ৰঙৰ বিকল্পত উপলব্ধ । এটা হৈছে থ্ৰিলিং ব্লেক আৰু আনটো হৈছে ডুকাটি ৰেড । বাইকখনৰ সন্মুখত পূৰ্বতকৈ দীঘল উইণ্ডস্ক্ৰীণ আছে । ইয়াৰ ফলত যাত্ৰাটো অধিক আৰামদায়ক হ’ব । বাইকখনৰ চেণ্টাৰ ষ্টেণ্ড আছে । ইয়াৰ ফলত গাড়ী ৰখাবলৈ সহজ হয় । ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰে টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন সমৰ্থন কৰিব যদি আপুনি চাবস্ক্ৰাইব কৰে ।