ডিব্ৰুগড়, ২৮ আগষ্ট : সামাজিক মাধ্যমৰ অপ-ব্যৱহাৰৰ ফলত কিছুক্ষেত্ৰত সমাজত অৰাজক পৰিৱেশ সৃষ্টি হোৱাৰ বিপৰীতে সামাজিক মাধ্যমে যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে । প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত অধিক শক্তিশালী হৈ উঠিছে সামাজিক মাধ্যম । সামাজিক মাধ্যমৰ শক্তিশালী যোগাত্মক বাৰ্তাৰ বাবেই ৫২ বছৰৰ চকুলোৰ পিছত আজি হাঁহিৰে ভৰি পৰিল এটা পৰিয়াল ।
সামাজিক মাধ্যমৰ জৰিয়তে ৫২ বছৰৰ অপেক্ষাৰ অন্তত এটা ভাল খবৰ পালে ডিব্ৰুগড়ৰ এটা পৰিয়ালে । ঘটনা অনুসৰি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা ভিডিঅ'ৰ পৰাই বিগত ৫২ বছৰৰ পৰা নিৰুদ্দেশ হৈ থকা মৰাণ লেঙেৰী লাহোৱাল গাঁৱৰ নিৱাসী দীন চুতীয়াৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰায় ৫২ বছৰৰ পূৰ্বে ২০ বছৰ বয়সত কলেজত পঢ়ি থকা অৱস্থাত কোনো কাৰণ নোহোৱাকৈ এদিন লেঙেৰীৰ ঘৰখনৰ পৰা ওলাই গৈছিল নলৰাম চুতীয়া আৰু পূৰ্ণীমালা চুতীয়াৰ দ্বিতীয় পুত্ৰ দীন চুতীয়া ।
সেইদিন ধৰি দীন চুতীয়াৰ কোনোধৰণৰ শুংসূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে । কিন্তু অসমৰ এগৰাকী ইউটিউবাৰে নেপালৰ মাছটাং মুক্তিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱা সময়তে এগৰাকী অসমীয়া সন্ন্যাসীক লগ পাই বিগত ২০ বছৰৰ পৰা মন্দিৰটোত সাধনা কৰি থকা বুলি অৱগত হয় ৷ ইউটিউবাৰগৰাকীয়ে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ লগতে মন্ত্ৰী বিমল বড়াই নিজৰ ফেচবুক ৱালত সেই ভিডিঅ'টো চেয়াৰ কৰা পিচতে পৰিয়ালৰ লোকে চিনাক্ত কৰে দীন চুতীয়াক । তাৰ পিছতে দীন চুতীয়াৰ সন্ধানত কেইটামান দিনৰ পূৰ্বে নেপাললৈ বুলি ৰাওনা হৈছে দীন চুতীয়াৰ চাৰিগৰাকী ভাগিন ।