মৰাণ: কোনোমতে পেটে-ভাতে খাই থকা ঘৰখনৰ পৰা দেউতাকে আশাৰে তাইক উলিয়াই দিছিল আন এঘৰলৈ ৷ সৰুতেই মাকক হেৰুওৱা ছোৱালীজনীয়ে সংসাৰখন আৰম্ভ কৰিছিলহে মাথোঁ, নিয়তিয়ে কাঢ়ি নিলে গিৰিয়েকক ৷ তাইৰ কান্ধত দি গ’ল দুটিকৈ কন্যা সন্তানক লালন-পালন কৰি মানুহ কৰাৰ ভাৰ ৷ এফালে স্বামীৰ ঘৰত কেটেৰা-জেঙেৰা আৰম্ভ ৷ সহিব নোৱাৰি তাই গুচি আহিছিল দেউতাকৰ ওচৰলৈ ৷
বিধিৰ কি বিপাক ! সৰু জীয়েকেও তাইক এৰি গ’ল চিৰদিনৰ বাবে ৷ ব্ৰেইন টিউমাৰ হৈ মৃত্য়ুক সাৱটিলে কণমানিটিয়ে ৷ ডাঙৰ জীয়েকক দেউতাকৰ ঘৰতে থৈ তাই গুৱাহাটীলৈ আহিছিল কাম বিচাৰি ৷ কেইমাহমান গ’ল ভালকৈয়ে ৷ কিন্তু বৃহস্পতিবাৰে পুৱাতেই ঘটিল অঘটন ৷ লোকচক্ষুৰ সমুখতে ছুৰীৰে হানি-খুচি তাইক মাৰি পেলোৱা হ’ল ৷ ধপধপাই আছিল তাই ৰাস্তাত ৷ হাস্পতাললৈ অনাৰ পাছত চিকিৎসকে চিকিৎসা আগবঢ়াই যদিও তাই নাবাচিল ৷
উপন্যাস বা কোনো চিনেমাৰ দৰেই এক কাহিনী ৷ এটা লোমহৰ্ষক কাণ্ড, যিটো কাণ্ডৰ খবৰে সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈ সকলোতে চৰ্চা লাভ কৰে বৃহস্পতিবাৰে ৷ সময় তেতিয়া দিনৰ 10.30 কি 11 বাজিছে, স্থান- নাহৰণি পথ, দিছপুৰ লাষ্টগেট, হাউচ নং 14 ৰ সমুখত ৷ এখন চাৰিচকীয়া বাহনৰ পৰা নামি অহা এজন যুৱকে হঠাৎ আক্ৰমণ কৰে এগৰাকী যুৱতীক ৷ যুৱকজনে উপৰ্যুপৰি ছুৰিকাঘাত কৰে যুৱতীগৰাকীক ৷ ফলত গুৰুতৰভাৱে আহত হয় তেওঁ ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
পৰৱৰ্তী সময়ত জানিব পৰা যায় যে হত্যাকাৰী আৰু হত্যাৰ বলি হোৱা দুয়োগৰাকীয়েই বিবাহিত ৷ হত্যাকাৰীজন ভূপেন দাস, পেছাত কেব চালক ৷ বহুবাৰ প্ৰেমৰ প্ৰস্তাব আগবঢ়াইছিল যুৱতীগৰাকীক ৷ কিন্তু বাৰে বাৰে প্ৰত্যাখানৰ মুখামুখি হৈ অৱশেষত মৌচুমী গগৈ নামৰ মহিলাগৰাকীক তেওঁ ছুৰিকাঘাত কৰে ৷
দিছপুৰ লাষ্টগেটত হত্যাৰ বলি হোৱা যুৱতীগৰাকী কোন ?