গুৱাহাটী,২৬ ছেপ্টেম্বৰ:দুৰ্গা পূজালৈ মাজত এতিয়া কেইটামান দিন বাকী । দুৰ্গাপূজাৰ পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিছে SOP । প্ৰতিখন পূজা কমিটীয়ে পালন কৰিব লাগিব এই সুৰক্ষা-নিৰাপত্তাৰ নিৰ্দেশনাৱলী । জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি লাউড স্পীকাৰ ব্যৱহাৰ আৰু শব্দ প্রদূষণ সম্পর্কীয় নিয়ম-নীতি মানি চলিব লাগিব । নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰ ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা ।
লগতে অস্থায়ীভাৱে নির্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো দর্শনার্থীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব লাগিব পূজা সমিতিসমূহে । সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত থকা সকলো নির্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়ালৈও জনোৱা হৈছে আহ্বান । দুর্গা পূজা শান্তিপূর্ণভাৱে পালন কৰাৰ লগতে দুর্গা পূজাৰ উৎসৱস্থলীত সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিষ্কাৰকৈ ৰখাৰ নিৰ্দেশনা জাৰী ।
জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থান নির্দিষ্ট কৰি ৰাখিবলৈও জাৰী কৰা হৈছে নিৰ্দেশনা । যিকোনো জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ বাবে চিকিৎসককে ধৰি এটি চিকিৎসা গোট ৰাখিব লাগিব সমিতিসমূহে । প্ৰতিখন পূজা মণ্ডপতে পর্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব । পূজাকমিটীৰ বিষয়ববীয়া তথা স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত । ভিআইপিক নিমন্ত্ৰণ জনালে আৰু পূজাস্থলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ স্থানীয় আৰক্ষী থানাত জনাব লাগিব ।
সমান্তৰালভাৱে পূজা কমিটীৰ বিষয়ববীয়া তথা স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত । ইয়াৰোপৰি পূজাস্থলীত মাদকদ্রব্য আৰু নিচাজাতীয় দ্রব্য নিষিদ্ধ কৰাৰো নিৰ্দেশনা । মণ্ডপ খালী হৈ থকা সময়ত সুৰক্ষাৰ বাবে পূজা মণ্ডপত ৰখীয়া থকাটো নিশ্চিত কৰিব লাগিব সমিতিসমূহে । জন সমাগম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা ।