অসম

assam

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 10:09 PM IST

ETV Bharat / state

কলিয়াবৰত বিকাশ যাত্ৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Vikash Yatra : কলিয়াবৰত বিকাশ যাত্ৰা কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে শিলান্যাস আৰু ভূমিপূজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Vikash Yatra
কলিয়াবৰত বিকাশ যাত্ৰা কাৰ্যসূচী

কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

কলিয়াবৰ, 11 মাৰ্চ : 483 কোটিৰ পেকেজ লৈ আজি কলিয়াবৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচীৰে আজি কলিয়াবৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে শিলান্যাস আৰু ভূমিপূজন কৰে ৷

বিয়লি 2 বজাত কলিয়াবৰৰ নলতলিস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত হেলিকপ্টাৰৰে অৱতৰণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 26 কোটি 83 লাখ টকা ব্যয় সাপেক্ষে কুঁৱৰীটোলত নিৰ্মাণ হ'ব লগা আইন মহাবিদ্যালয়, আৰিমৰাত 35 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা পশ্চিম কলিয়াবৰ মডেল ডিগ্ৰী কলেজ, অসম মালাৰ অধীনত 45 কোটি 7 লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ হ'ব লগা কুঁৱৰীটোল-শিলঘাট, জখলাবন্ধা সংযোগী পথৰ লগতে 99 কোটি 79 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা কলিয়াবৰ জিলা চিকিৎসালয়ৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰে ৷

ইয়াৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জখলাবন্ধাৰ সমীপৰ নাগশংকৰত থকা ডাঃ টি. আও ষ্টেডিয়ামত 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ষ্টেডিয়ামৰ পেভিলিয়ন, পকী দেৱাল, খেলুৱৈৰ বাবে ড্ৰেচিং ৰুম, ব্যায়মগাৰ আৰু দৰ্শকৰ বাবে 15 শ আসন সমৃদ্ধ গেলাৰীৰ শুভ উদ্বোধন কৰে ৷ মুখ্যমন্ত্ৰীয়ে লগতে চাহ বাগিচা সমূহলৈ আগবঢ়ায় 23 খনকৈ অত্যাধুনিক এম্বুলেন্স ৷ ইয়াৰ পাচতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰীৰ আজিৰ এই বিকাশ যাত্ৰা কাৰ্যসূচীত স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, অগপৰ যুৱনেতা মণি মাধৱ মহন্তৰ লগতে বিজেপি দলৰ ভালে কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :প্ৰাৰ্থী ঘোষণা কৰিলেহে বুজি পোৱা যাব বিৰোধী ঐক্য আছে নে নাই : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details