অসম

assam

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 8:32 PM IST

Updated : Mar 11, 2024, 9:20 PM IST

ETV Bharat / state

প্ৰাৰ্থী ঘোষণা কৰিলেহে বুজি পোৱা যাব বিৰোধী ঐক্য আছে নে নাই : মুখ্যমন্ত্ৰী

CM Himanta Biswa : গোলাঘাট সমন্বয় ক্ষেত্ৰত বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM Himanta Biswa
গোলাঘাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গোলাঘাটত বিকাশ যাত্ৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী

গোলাঘাট, 11 মাৰ্চ : গোলাঘাটত বিকাশ যাত্ৰা কাৰ্যসূচীৰে আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত 731.58 কোটি টকা ব্যয়ৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে খুমটাইৰ বগৰীজেঙৰ গোঁহাই আলি পথৰ শিলান্যাস কৰে ৷ বগৰীজেঙৰ পৰা আৰম্ভ হৈ বেতিয়নীৰ মাজেৰে দৰিয়া হৈ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা 16 কিঃমিঃ দৈৰ্ঘ্যৰ পথটো 56.61 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ পিচতেই গোলাঘাট সমন্বয় ক্ষেত্ৰত বিকাশ যাত্ৰা কাৰ্যসূচী উপলক্ষে আয়োজন কৰা জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সভাত জিলাখনৰ চাহ বাগিচাৰ লোকসকলৰ বাবে পাঁচখন চাহ বাগিচাক অত্যাধুনিক এম্বুলেন্স প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ৰাইজক উদ্দেশ্যে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী চাকৰিৰ নামত থকা দালালৰ বজাৰ চৰকাৰে চিৰদিনৰ বাবে বন্ধ কৰিছে ৷ এতিয়া গাঁৱৰ যুৱক-যুৱতী সকলে পুলিচৰ দৌৰ কেতিয়া হ’ব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা, এ পি এছ চিৰ পৰীক্ষা কেতিয়া হ'ব সোধে ৷ কোনেও মোক চাকৰি দিয়ক বুলি নকয় ৷ তাৰ অৰ্থ অসমৰ ৰাইজৰ মাজত পাহাৰ সদৃশ বিশ্বাস আছে যে এতিয়া আৰু চাকৰিৰ নামত দালালি নহয় বুলি মন্তব্য কৰে মুখ্যমমন্ত্ৰীয়ে৷

ইফালে বিৰোধীৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁলোকে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই ৷ ঘোষণা কৰিলেহে বুজি পোৱা যাব বিৰোধী ঐক্য আছে নে নাই ৷ যদি নাই তেতিয়াহ’লে মানুহে প্ৰশ্ন কৰিব যে এবছৰে লিলি হোটেলত তেওঁলোকে কি কৰি আছিল ৷ আনহাতে যোৰহাটৰ স্থাপন কৰা লাচিতৰ প্ৰতিমূৰ্তিক লৈ চলি থকা বিতৰ্কৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- লাচিতৰ প্ৰতিমূৰ্তিটো অসম চৰকাৰে বাচি লোৱা নাই ৷ যোগেন ফুকনকে ধৰি বিদগ্ধ আহোম পণ্ডিত সকলে এই প্ৰতিমূৰ্ত্তিটো প্ৰত্যায়িত কৰিছে ৷ হোলোঙাপাৰাৰ ৰাইজেও নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত প্ৰতিমূৰ্ত্তিটো প্ৰত্যক্ষ কৰি প্ৰমাণিত কৰিছে ৷ কিন্তু বিৰোধীয়ে যদি আহোম বুদ্ধিজীৱি সকলতকৈ বেছি জানে তেন্তে উপায় নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচা, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন আৰু ভবেন ভৰালী উপস্থিত থাকে ৷

লগতে পঢ়ক :প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সোণোৱাল: ভাগ ল'লে বিশাল জনসভাত

Last Updated : Mar 11, 2024, 9:20 PM IST

ABOUT THE AUTHOR

...view details