বৰমাৰ বজাৰত ওলাইছে প্ৰায় ২০ কিলো ওজনৰ শিলঘৰীয়া মাছ ৷ এই মাছ চাবলৈ বৰমা বজাৰত গ্ৰাহকৰ ভিৰ । আনহাতে, উৰুকাৰ দিনটোতেই দৈ, গাখীৰ, ক্ৰিম, বিভিন্ন মিঠাই আদিও বজাৰত উভৈনদী হৈ পৰিছে ৷
ধেমাজি : আজি ভোগৰ উৎসৱ মাঘ বিহুৰ উৰুকা । উৰুকাৰ নিশা সকলোৱে মাছ-মঙহেৰে এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে পুৱাৰে পৰা বিভিন্নজনে নিজৰ নিজৰ পছন্দৰ মাছ বা অন্যান্য খাদ্য-সামগ্ৰী বিচাৰি ঢাপলি মেলিছে বিভিন্ন হাট-বজাৰলৈ ৷
ধেমাজি নগৰ নলনিপাম দৈনিক বজাৰত উভৈনদী হৈ পৰিছে মাজুলী, সোণাই চাপৰি আৰু ঢকুৱাখনাৰ পৰা অহা মাছেৰে ৷ ২ কিলোৰ পৰা ১৫ কিলোলৈকে ডাঙৰ মাছ ওলাইছে এই বজাৰত ।
লক্ষণীয় যে ধেমাজিত পুৱা কিছু পলমকৈহে বজাৰত মাছৰ ক্ৰেতা আৰু বিক্ৰেতা আহি ভিৰ কৰা দেখা যায় ৷ এগৰাকী মৎস্য ব্যৱসায়ীয়ে কয়, “এইবাৰ ধেমাজিৰ মাছ বজাৰত উপলব্ধ হৈছে মাজুলী, সোণাই চাপৰি আৰু ঢকুৱাখনাৰ লাইপুলীয়া নদীৰ পৰা অহা মাছ ৷ ২ কেজিৰ পৰা ১৫ কেজিলৈকে ওজন আছে মাছৰ ।"