শিলচৰ, ৬ মে':কাছাৰৰ কাটিগড়াৰ গুমৰা চাহ বাগিচা আৰু ভাৰত-বাংলাদেশ সীমান্তৰ লেবাৰপুতাত ব্ৰজপাতত দুজনৰ শিশুসহ মৃত্যু । মৃত দুগৰাকী ক্ৰমে গুমৰা চাহ বাগিচাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰোহন গুনজু আৰু ভাৰত-বাংলাদেশ সীমান্তৰ ভটেৰচক গাঁৱৰ ফৰিন্দ্ৰ দাস ৷ প্ৰথমটো ঘটনা সংঘটিত হৈছে গুমৰা চাহ বাগিচাত ।
জানিব পৰা মতে, ৰোহন গুনজু নামৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰ মাছ ধৰিবলৈ গৈ হঠাৎ হোৱা ব্ৰজপাতত থিতাতে মৃত্যুমুখত পৰে । লগতে আহত হয় জয়কুমাৰ গুনজু নামৰ আন এজন শিশু ৷ ঘটনাৰ পাছত স্থানীয় লোকে আহত শিশুটিক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে ।
ইপিনে এই ঘটনাৰ কিছু সময় পাছত কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ লেবাৰপুতাত আন এক ব্ৰজপাতৰ ঘটনা সংঘটিত হয় । ভয়ংকৰ এই ঘটনাত মৃত্যু হয় ফৰিন্দ্ৰ দাস নামৰ এজন লোকৰ ৷ লগতে এটা গোধনৰো মৃত্যু হয় । জানিব পৰা মতে, পথাৰৰ পৰা গৰু আনিবলৈ গৈছিল লোকজন । গৰু লৈ উভতি অহাৰ পথত হঠাৎ হোৱা ব্ৰজপাতত গৰুসহ লোকজনৰ মৃত্যু হয় ।