চৰাইদেউ,৩০ মে':অসমৰ চোৰৰ বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে নগালেণ্ড আৰু অৰুণাচলত । অসমৰ পৰা চুৰি হোৱা স্কুটী আৰু মটৰচাইকেল বিক্ৰী হয় নাগালেণ্ডত । এই অভিযোগ বিভিন্নজনে কৰি অহাৰ সময়ত চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে অসমৰ চোৰৰ লিংক পালেগৈ নাগালেণ্ডত । চৰাইদেউৰ সোণাৰিত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস । কেৱল নিশাই নহয়, সোণাৰিত দিন দুপৰতে চোৰে সন্ত্ৰাস চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ।
ঘটনা অনুসৰি এটা দিনৰ পূৰ্বে সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ প্ৰবীণ শইকীয়া নামৰ লোকজনৰ গৃহৰ পৰা স্কুটী চুৰি হোৱাত সোণাৰি আৰক্ষীক খবৰ দিয়ে । যান-বাহন আৰক্ষী পৰিদৰ্শক মৃদুল বৰুৱা আৰু সোণাৰি আৰক্ষীয়ে অনুসন্ধান চলাই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে চোৰটোক আটক কৰিবলৈ সক্ষম হয় ।
ধৃত চোৰটোক জেৰা চলাই সোণাৰি আৰক্ষীয়ে নগালেণ্ডত স্কুটীখন বিক্ৰী কৰাৰ খবৰ পাই স্কুটীখন নগালেণ্ডৰ পৰা বুধবাৰে নিশা উদ্ধাৰ কৰি আনি গৰাকীক চমজাই দিয়ে । AS-04-T-9722 নম্বৰৰ স্কুটীখন নাগালেণ্ডত ৬০০০ টকাত বিক্ৰী কৰা হৈছিল বুলি জানিব পৰা গৈছে ।