অসম

assam

ETV Bharat / state

গাহৰি মাংসৰ জুতি লোৱাৰ আগত মানিবেগটো চাওক; বজাৰত গাহৰি মাংসৰো বাঢ়িল দাম - Pork prices hike

Pork prices rise: গাহৰি মাংস ভালপোৱা সকললৈ দুখবৰ ৷ অসমৰ বজাৰত গাহৰি মাংসৰ ব্যাপক মূল্যবৃদ্ধি ৷ প্ৰতি কিলোগ্ৰাম গাহৰিৰ মাংসত ৫০-৬০ টকা পৰ্যন্ত দাম বৃদ্ধি ৷

PORK PRICES RISE
PORK PRICES HIKE (Facebook)

By ETV Bharat Assamese Team

Published : May 21, 2024, 9:22 PM IST

গুৱাহাটী, ২১ মে': ৰাজ্যত লোকসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো প্ৰায় সকলো সামগ্ৰীৰে মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । আলু, পিয়াঁজ, অন্যান্য শাক-পাচলিৰ পৰা‌ আৰম্ভ কৰি মাংস, কণী আৰু ফলমূল আদিৰো দাম বৃদ্ধি হৈছে ।

বয়লাৰ মাংস, লোকেল মুৰ্গীৰ মাংসৰ দাম বৃদ্ধি হোৱাৰ পিছতে এইবাৰ দাম বৃদ্ধি পাইছে গাহৰি মাংসৰ । প্ৰতি কিলোগ্ৰাম গাহৰি মাংসৰ দাম ৫০-৬০ টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে । বিগত সপ্তাহৰ পৰা দাম বৃদ্ধি পাইছে গাহৰি মাংসৰ । অত্যধিক চাহিদা থকা গাহৰি মাংসৰ দাম বৃদ্ধিয়ে দুখ দিছে এই মাংসপ্ৰেমীৰ মনত ৷

একাংশ গাহৰি ব্যৱসায়ীয়ে জনোৱা মতে, উত্তৰপ্ৰদেশৰ পৰা গাহৰি আমদানি নোহোৱাৰ বাবে গাহৰিৰ মাংসৰ দাম বৃদ্ধি পাইছে । টেক্স বৃদ্ধি হোৱাৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ গাহৰিৰ আমদানি হোৱা নাই । যাৰ বাবে থলুৱা গাহৰিৰ মাংসৰ দাম বৃদ্ধি পাইছে । প্ৰতি কিলোগ্ৰাম গাহৰি মাংসৰ দাম ৩৮০ টকাৰ পৰা ৪৪০ টকালৈ বৃদ্ধি হৈছে । গাহৰিৰ মাংসৰ দাম আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে একাংশ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক:আকাশলংঘী মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে খুচুৰা ব্যৱসায়ীকো - Price hike in Assam

লগতে পঢ়ক:ইস্তাহাৰতে সীমাৱদ্ধ প্ৰতিশ্ৰুতি, ৰোধ হোৱা নাই মূল্যবৃদ্ধি - Price hike in Assam

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিচতেই নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । নিত্যব্যৱহাৰ্য প্ৰায় প্ৰতিবিধ খাদ্য সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধি হৈছে । অসমত বিজেপিকে ধৰি সকলো দলৰে অন্যতম প্ৰতিশ্ৰুতি আছিল মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো । দলৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰা হৈছিল ৷ কিন্তু কাৰ্যতঃ সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

বৰ্তমান পাইকাৰী বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য প্ৰায় দুগুণ বৃদ্ধি হৈছে । খুচুৰা বজাৰৰ মূল্যসূচীৰ ক্ষেত্ৰতো একে পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ মূল্য ২০-৩০ শতাংশ অধিক হয় । আনহাতে শেহতীয়া নিৰ্বাচনৰ পিছৰ পৰা ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ২০ ৰ পৰা ৫০ শতাংশ মূল্যবৃদ্ধি হৈছে । ব্যৱসায়ীসকলে মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰা বিষয়টোত চকু মুদা কুলিৰ ভাও জুৰিছে চৰকাৰ তথা বিয়াগোম যোগান বিভাগে ।

লগতে পঢ়ক:বজাৰত মূল্যবৃদ্ধিৰ জুই; যোগান বিভাগত তলা লগাবলৈ চৰকাৰক আহ্বান আছুৰ সভাপতিৰ - Price hike in Assam

ABOUT THE AUTHOR

...view details