অসম

assam

ETV Bharat / state

জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন - BORAGAON MARTYRS MEMORIAL PARK

অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাক লগত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পৰিদৰ্শন কৰে বৰাগাঁৱত নিৰ্মীয়মাণ শ্বহীদ স্মাৰক উদ্যান ।

Martyrs Memorial Park
জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 6:04 PM IST

গুৱাহাটী:পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা- "৩০ ডিচেম্বৰৰ আগতেই ভোটাৰ তালিকা প্ৰকাশ পাব । জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব । ১০ ফেব্ৰুৱাৰীৰ আগতেই নিৰ্বাচনৰ ফলাফল আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ।" ইফালে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা স্থানীয় পৰ্যায়ত হয় ।

ৰাজ্যিক পৰ্যায়ত বিজেপি-অগপ-ইউ পি পি এলৰ মিত্ৰতা নাথাকে । কিন্তু তৃণমূল পৰ্যায়ত মিত্ৰতাৰ ভাবেৰে নিৰ্বাচন খেলা হ'ব । জিলা পৰ্যায়ত সম্ভৱ হ'লে মিত্ৰতা কৰি ল'লেই হ'ল । মিত্ৰতাত থকা কোনেও কাকো আক্ৰমণ-প্ৰত্যাক্ৰমণ নকৰে পঞ্চায়ত নিৰ্বাচনত ।" বুধবাৰে গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ হৈ থকা শ্বহীদ স্মাৰক উদ্যান পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন (ETV Bharat)

অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত স্মাৰক উদ্যান

ৰাজ্যৰ ৮৫৫ গৰাকী শ্বহীদৰ স্মৰণত গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰি থকা হৈছে শ্বহীদ স্মাৰক উদ্যান । উদ্যানৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ বুধবাৰে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাক লগত লৈ বৰাগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । পৰিদৰ্শনৰ অন্তত তেওঁ কয় যে উদ্যানখনৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । অহা ১০ ডিচেম্বৰত উদ্যানখন মুকলি কৰাৰ কথা আছে যদিও সম্ভৱত ২০২৫ চনত উদ্যানখন মুকলি কৰাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে । তেওঁ উল্লেখ কৰা মতে উদ্যানত ৮৫৫ গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি থাকিব । ৰাইজে মেডিটেশ্যন কৰিব পাৰিব ।

তেওঁ উল্লেখ কৰা মতে এতিয়ালৈ ১৫০ গৰাকী শ্বহীদৰহে ফটো লাভ কৰা হৈছে । বাকীসকলৰ ফটো সংগ্ৰহ কৰি থকা হৈছে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে দ্বিতীয় পৰ্যায়ত লাইট এণ্ড চাউণ্ড শ্ব' আৰু এটা প্ৰেক্ষাগৃহৰ কাম কৰা হ'ব । এখন পৰম্পৰাগত খাদ্য সামগ্ৰীৰ বিপণিও থাকিব উদ্যানখনত । তেওঁ উল্লেখ কৰা মতে উদ্যানৰ স্মৃতি সৌধটোৰ উচ্চতা ২২৫ ফুট হ'ব ।

কৰিমগঞ্জৰ নাম সলনি প্ৰসংগ

কৰিমগঞ্জৰ নাম সলনি প্ৰসংগত অখিল গগৈয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়,"এই নামটো ৰবীন্দ্ৰ নাথ ঠাকুৰে দি থৈ যোৱা । মোৰ নামটো যদি ৰবীন্দ্ৰ নাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি গ'লহেঁতেন তেতিয়া মইও হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন ।"

অখিল গগৈ অবিহনে ২০২৬ত চৰকাৰ গঠন প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়,"অখিল গগৈৰ স্বাস্থ্য ভালে থাকক । ভালকৈ তেওঁ ৰাইজৰ হৈ কাম কৰক । তেওঁ দুজন মন্ত্ৰীতে যে সন্তুষ্ট মই জনাই নাছিলো । মই তেওঁক মুখ্যমন্ত্ৰী বুলিয়ে ভাবি থাকো । দুজন মন্ত্ৰী বিচাৰিলে ময়ে দি দিব পাৰো ।"

লগতে পঢ়ক :এগৰাকী সংগীতপ্ৰেমীক সুঁৱৰি প্ৰথমবাৰৰ বাবে যোৰহাট সংগীত মহোৎসৱ-২০২৪ ৰ আয়োজন

ABOUT THE AUTHOR

...view details