অসম

assam

ETV Bharat / state

হাতত টেটুৰে স্বাধীনতা সংগ্ৰামীৰ ছবি আঁকি অভিলেখ - INDIA BOOK OF RECORDS

দহগৰাকী স্বাধীনতা সংগ্ৰামীৰ ছবি অংকনেৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ।

India Book of Records
হাতত টেটুৰে স্বাধীনতা সংগ্ৰামীৰ ছবি অংকন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 2:32 PM IST

যোৰহাট: আজিকালি টেটু কৰাটো ফেশ্বনত পৰিণত হৈছে ৷ ইয়াৰ জৰিয়তে মানুহে নিজৰ পছন্দৰ ডিজাইন ছালত ছাপ দি ব্যক্তিত্ব প্ৰকাশ কৰে ৷ এই টেটুকেই একাংশ লোকে আকৌ বিভিন্ন মাধ্য়মেৰে প্ৰকাশ কৰি গঢ়িছে অভিলেখ । কোনোবাই যদি অতি ক্ষুদ্ৰ অংকনেৰে অভিলেখ প্ৰতিষ্ঠা কৰিছে, আন একাংশই আকৌ এনে গৌৰৱৰ অধিকাৰী হৈছে স্বাধীনতা সংগ্ৰামীৰ ছবি আঁকি । যোৰহাটৰ যুৱক এজনেও গঢ়িলে এই অভিলেখ ।

নিজৰ দেহত নিজেই দহগৰাকীকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ ছবি টেটুৰে অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ এজন যুৱকে। যুৱক জনৰ নাম নিৰজ ভূঞা । যোৰহাটৰ মালৌআলি বাইপাছ সৰ্বাইবন্ধাৰ নিৰজ ভূঞাই সাত মিলিমিটাৰ কৈ স্বাধীনতা সংগ্ৰামী কেইগৰাকীৰ ছবি টেটুৰে আঁকি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ।

হাতত টেটুৰে স্বাধীনতা সংগ্ৰামীৰ ছবি অংকন (ETV Bharat Assam)

টেটুৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ যুৱকজনে নিজৰ বাওঁ হাতত অংকন কৰি প্ৰতিচ্ছবি সমূহ অনলাইন যোগে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাৰ পাছত এই স্বীকৃতি লাভ কৰিছে । যুৱকজনে মহামানৱ মহাত্মা গান্ধী, ভগৎ সিং,নেতাজী সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল,চন্দ্ৰশেখৰ আজাদ,জৱাহৰলাল নেহেৰু,লালা লাজপত ৰায়,লাল বাহাদুৰ শাস্ত্ৰী, বি আৰ আম্বেদকাৰ আৰু ড৹ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিচ্ছবি অংকন কৰিছিল । ইয়াৰ দুই মিনিট পাঁচ ছেকেণ্ডৰ ভিডিঅ' আৰু স্থিৰচিত্ৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছলৈ যোৱা নৱেম্বৰ মাহত প্ৰেৰণ কৰিছিল ।

হাতত টেটুৰে স্বাধীনতা সংগ্ৰামীৰ ছবি অংকন (ETV Bharat Assam)

ইয়াৰ পিছত ডিচেম্বৰত নিৰজলৈ আহিল ভাল খবৰটো । নিজৰ শৰীৰৰ বাওঁহাতত দহ গৰাকী স্বাধীনতা সংগ্ৰামীৰ ফটো অতি ক্ষুদ্ৰভাৱে টেটুৰে আঁকি ৰেকৰ্ড কৰাৰ অনুষ্ঠানিক স্বীকৃতি লাভ কৰে যোৰহাটৰ যুৱকজনে । এই প্ৰসংগত নিৰজ ভূঞাই কয়," মই সৰুৰে পৰাই এই কামত ব্ৰতী হৈছো । টেটু আঁকিবলৈ মই কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই । মই বিভিন্ন ঠাইত ঘূৰি থাকোতে যেতিয়া ভিন্ন ছৱি দেখা পাওঁ,তেতিয়া সেই ছৱি সমূহ টেটুৰ জৰিয়তে বাস্তৱ ৰূপ দিব পাৰি নেকি ভাবো । সেই উদ্দেশ্য আগত ৰাখি সাধনা কৰি গৈছিলো আৰু সফলতা লাভ কৰিলো । মই স্বাধীনতা সংগ্ৰামীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টেটু অংকণ কৰিছো । " এই স্বীকৃতি লাভ কৰি আনন্দ লাভ কৰা যুৱকজনে ইয়াৰ পৰবৰ্তী সময়ত এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰাৰ প্ৰয়াস চলাব বুলিও কয় ।

লগতে পঢ়ক:ৰাস্তাৰ শিলগুটি এটাও হৈ উঠে প্ৰাণৱন্ত, নিৰ্জীৱ শিলৰ টুকুৰা জীয়াই উঠাৰ এক কাহিনী

ABOUT THE AUTHOR

...view details