নগাঁও :বিগত ২২ নৱেম্বৰত নগাঁৱৰ গড়াজানত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডক লৈ আজিও মাৰ যোৱা নাই চাঞ্চল্যৰ । গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল গুণধৰ সৰকাৰৰেই ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকাৰক । আৰক্ষীয়ে অমল সৰকাৰক বিগত কেইদিন চলোৱা জেৰাত হত্যাকাণ্ডৰ বহু তথ্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি নগাঁও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ।
আৰক্ষীৰ জিম্মাত অভিযুক্ত অমল সৰকাৰক সোধা-পোছাৰ অন্তত মঙলবাৰ আৰু বুধবাৰে দুয়োটা দিনেই হাজিৰ কৰোৱা হয় নগাঁও আদালতত । মঙলবাৰে আদালতে অমল সৰকাৰৰ ভাষ্য গ্ৰহণৰ কথা আছিল যদিও ভাষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত পুনৰ বুধবাৰে হাজিৰ কৰোৱা হয় নগাঁও আদালতত । কিন্তু বুধবাৰেও আদালতত অমল সৰকাৰৰ ভাষ্য গ্ৰহণ সম্পূৰ্ণ নোহোৱা বুলি জানিব পৰা গৈছে । যাৰ বাবে পুনৰ দুদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে হত্যাকাণ্ডৰ অভিযুক্ত অমল সৰকাৰক ।
ঘটনাৰ বিৱৰণ :
গড়াজানৰ গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰ ওৰফে আখি সৰকাৰৰ বিয়াৰ মাত্ৰ কেইটামান দিন পূৰ্বে অতি নৃশংস ঘটনাটো সংঘটিত হৈছিল । হত্যাৰ বলি হৈছিল গুণধৰ সৰকাৰৰ লগতে পত্নী সুৰধ্বনি সৰকাৰ আৰু কনিষ্ঠা কন্যা জয়স্মিতা সৰকাৰ । ২২ নৱেম্বৰৰ সন্ধিয়া ঘৰৰ ভিতৰতে পৰিয়ালটোৰ তিনিওগৰাকী সদস্যৰ লগতে উদ্ধাৰ হৈছিল অনুপম সূত্ৰধৰ নামৰ আন এজন যুৱকৰ মৃতদেহ । ঘৰৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা যুৱক অনুপম সূত্ৰধৰৰ ঘৰ নগাঁৱৰ তেলিয়াপট্টিত । বিয়াৰ প্ৰস্তুতি চ়লা গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ পূৰ্বৰ প্ৰেমিক আছিল অনুপম সূত্ৰধৰ । কিন্তু পৰিয়ালৰ লোকে অনুপম সূত্ৰধৰৰ সৈতে নৱাস্মিতা সৰকাৰক বিয়া দিয়াত অস্বীকাৰ কৰি আন এজন যুৱকৰ সৈতে বিয়া চূড়ান্ত কৰিছিল পৰিয়ালৰ লোকে । ঘটনা সংঘটিত হোৱাৰ পাছতেই এই কথা সদৰী কৰিছিল স্থানীয় লোকৰ লগতে আৰক্ষীয়েও ।