নগাঁও, 21 জানুৱাৰী:অসমত ইটোৰ পিচত সিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ শোণিতপুৰৰ জামুগুৰিহাটত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে ৷ দুষ্কৃতিকাৰীয়ে মূৰেৰে ভূপেন বৰাৰ মুখত আক্ৰমণ কৰাৰ ফলত নাক আৰু মুখত আঘাত পোৱাৰ লগতে ৰক্তক্ষৰণ হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷
ইয়াৰোপৰি দেওবাৰে চামগুৰি সমষ্টিৰ কেবাটাও স্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা বাধা আৰু আক্ৰমণৰ সন্মুখীন হয় ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
ৰাহুল গান্ধীৰ পদযাত্ৰাত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য, ‘‘মোৰ শৰীৰটো যিমান ডাঙৰ, সাহসো কম নহয় ।’’ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি কম্পমান বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।