মঙলদৈ, 21 জুলাই :মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ অধীনৰ ৰঙামাটিৰ নিকটৱৰ্তী সৰু ঠেকেৰাবাৰী গাঁৱৰ মোল্লাপাৰা গাঁৱত শুকুৰবাৰে আদানী গ্ৰুপৰ লোকে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই থকাৰ সময়তে ঘটিল এক অথন্তৰ । স্মাৰ্ট মিটাৰ লগোৱা কাৰ্যক লৈ গাঁৱৰ ৰাইজ খৰ্গহস্ত হৈ পৰে ৷ আনকি গাঁওবাসীয়ে শক্তি বিভাগৰ কৰ্মীসকলকো বাধা প্ৰদান কৰি তেওঁলোকক আৱদ্ধ কৰি ৰাখে ।
স্মাৰ্ট মিটাৰ লগোৱাৰ বাবেই খং উঠিল গ্ৰাহকৰ (ETV Bharat Assam) শক্তি বিভাগৰ বিষয়াসকলে গাঁওবাসীক অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে বুলিও অৱগত কৰে ৷ কিন্তু গাঁওবাসী আৰু শক্তি বিভাগৰ কৰ্মচাৰীৰ মাজত কথা-বতৰা চলি থকাৰ মাজতে হঠাৎ একাংশ উত্তেজিত ৰাইজে চৰকাৰী কৰ্মচাৰীকেইজনক আক্ৰমণ কৰে ৷ গাঁৱৰ একাংশ লোকৰ আক্ৰমণত শক্তি বিভাগৰ সহ-অভিযন্তা ৰাহুল ডেকাৰ লগতে উজ্জ্বল পণ্ডিত নামৰ আন এগৰাকী বিষয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
ইফালে এই ঘটনাৰ উমান পাই মঙলদৈ বিদ্যুৎ সংমণ্ডল বিষয়াৰ লগতে সহ-অভিযন্তা সকলোৱে কাষ চাপে মঙলদৈ আৰক্ষীৰ ৷ তাৰ পাচতে মঙলদৈ থানাৰ আৰক্ষীৰ এটা দলক লগত লৈ শক্তি বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ।
লগতে পঢ়ক :প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence
ভুক্তভোগী বিষয়াকেইগৰাকীয়ে উল্লেখ কৰা মতে, ৰঙামাটি মোল্লাপাৰা গাঁৱৰ প্ৰায় ডেৰ-দুশ লোক ওলাই আহি তেওঁলোকক বুকু, পিঠি আদিত উপৰ্যুপৰি আক্ৰমণ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত শক্তি বিভাগৰ মঙলদৈ সংমণ্ডলৰ পৰা মঙলদৈ থানাত দাখিল কৰা হয় এক এজাহাৰ ।
জানিব পৰা মতে, আৰক্ষীয়ে তিনিজন লোকক সন্দেহজনকভাৱে কৰায়ত্ত কৰে যদিও ঘটনাৰ সৈতে জড়িত অৰ্থাৎ শক্তি বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰা লোকৰ সন্ধান উলিয়াব পৰা নাই । অৱশ্যে শনিবাৰে ঘটনাৰ লগত জড়িত তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা হৈছে । ইয়াৰে এজনৰ নাম মিনহাজুল হক । আন দুজনৰ নাম আৰক্ষীয়ে ৰাজহুৱা কৰা নাই ।
আনহাতে, এই ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত শনিবাৰে মঙলদৈত শক্তি বিভাগৰ কৰ্মচাৰীসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । মঙলদৈৰ আৰক্ষীয়ে যদি অতি শীঘ্ৰে দোষীক কাৰায়ত্ত নকৰে, তেনেহ’লে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ শক্তি বিভাগৰ কাম-কাজ বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে ।
লগতে পঢ়ক :এটা চিচিটিভি ফুটেজ, দেখিলে কঁপি উঠিব আপোনাৰো হৃদয় - Guwahati crime news