অসম

assam

ETV Bharat / state

জাপানীজ ভাষা শিকিব পাৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত - DIBRUGARH UNIVERSITY

অসমৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে ভাল খবৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম ।

Japanese language course to be started at Dibrugarh University
জাপানীজ ভাষা শিকিব পাৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 10:21 PM IST

ডিব্ৰুগড়:অসমৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে আহিছে আন এক ভাল খবৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম । অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনক কেন্দ্ৰীয় চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২০২৪ বৰ্ষত আৰম্ভ হৈছে কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম ।

জাপানীজ ভাষা শিকিব পাৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (ETV Bharat Assam)

উজনি অসমৰ উচ্চ শিক্ষাৰ বাটকটীয়া স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম চলি থকাৰ মাজতে চলিত বৰ্ষৰ পৰা আৰম্ভ হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জাপানীজ ভাষাৰ পাঠ্যক্ৰম । বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় জাপানৰ এটি প্ৰতিনিধি দল । ইয়াৰ পাছতে সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিলে এই কথা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ইতিমধ্যে বিশ্ববিদ্যালয়ে জাপানৰ ফাউণ্ডেশ্যনৰ লগত চুক্তিবদ্ধ হৈছে ।

চলিত বৰ্ষৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জাপানৰ প্ৰতিনিধি দল উপস্থিত হোৱা পাছতে বিশ্ববিদ্যালয়ত সভাকক্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কার্যালয়ৰ সঞ্চালক সুৰজিত বৰকটকীয়ে কয়, "ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইতিমধ্যে কোৰিয়ান ভাষাৰ চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ হৈছে । জাপানত যিহেতু অসমৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ স্থল আছে । তেনেস্থলত ছাত্ৰ- ছাত্ৰীয়ে জাপানীজ ভাষা শিকি ল'ব পাৰিলে কৰ্মসংস্থাপন লাভ কৰিবলৈ সুবিধা হ'ব । এইক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহিছে ।"

তেওঁ লগতে কয়, "ইতিমধ্যে জাপানৰ ফাউণ্ডেশ্যনে এইক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে । সেয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাপানীজ ভাষাটো ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰিছে । বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ নৰ্থ-ইষ্ট জাপান কাৰাবান অনুষ্ঠানৰ জড়িয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জাপানৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে তিনিখন এনিমেছন ছবি প্ৰদৰ্শন কৰিব । বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান হ'ব । ৮০০ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ লাভ কৰিব । জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰত জাপানৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰে সহযোগিতা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । এই বৰ্ষৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ'লেই জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হ'ব ।"

লগতে পঢ়ক:হুকোলু পে': উত্তৰ-পূবত ভাষাৰ প্ৰতিবন্ধকতা আঁতৰোৱাৰ পৰিকল্পনাৰে নতুন পেমেণ্ট গেটৱে - HOOKOLUPAY

পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ - BAMBOO SOCKS INDUSTRY IN ASSAM

ABOUT THE AUTHOR

...view details