গুৱাহাটী, 12 ফেব্ৰুৱাৰী:ৰাজ্যত আজিৰে পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাত অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীসকল । সোমবাৰে পিছবেলা আছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকত ৷ প্ৰথমদিনা আছে ইংৰাজীৰ পৰীক্ষা ৷ 13 মাৰ্চত অন্ত পৰিব এই পৰীক্ষাৰ ।
মুঠ 877 টা কেন্দ্ৰত কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত অৱতীর্ণ হ'ব মুঠ 2,80,216 গৰাকী পৰীক্ষাৰ্থী । এইবাৰ ছাত্ৰৰ সংখ্যা 1,37,486 আৰু ছাত্ৰীৰ সংখ্যা 1,42,732 । কলা শাখাত অৱতীৰ্ণ হ'ব 2,06,305 গৰাকী, বিজ্ঞান শাখাত 53,470 গৰাকী, বাণিজ্য শাখাত 19,562 আৰু বৃত্তিমূলক শাখাত অৱতীৰ্ণ হ'ব 879 গৰাকী পৰীক্ষাৰ্থী । প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰাৰ ব্যৱস্থা থাকিব ।
ইপিনে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে বিশেষ নির্দেশনা জাৰি কৰিছে । পৰীক্ষাৰ দায়িত্বত থকা শিক্ষক আৰু কৰ্মচাৰীয়ে পৰীক্ষা শেষ নোহোৱা পর্যন্ত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ অধীনত থাকিব । বিদ্যালয়সমূহৰ পৰিদৰ্শকে দায়িত্ব দিয়া কর্ম সম্পাদন কৰিব লাগিব শিক্ষক-কর্মচাৰীসকলে ।