অসম

assam

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 9:42 AM IST

ETV Bharat / state

পীযুষ হাজৰীকাক ৰাজনৈতিক থ্ৰিলাৰ কাহিনীৰ লেখক আখ্যা গৌৰৱ গগৈৰ

Gaurav Gogoi on Pijush Hazarika : পীযুষ হাজৰীকা এজন ভাল ৰাজনৈতিক থ্ৰিলাৰ কাহিনী লিখা ব্যক্তি । তেওঁ ৰাজনৈতিক থ্ৰিলাৰ কাহিনীৰে এখন চিনেমা পৰিচালনা কৰক আৰু নিজে তাত অভিনয় কৰক । চিনেমাখন চাবলৈ মই যাম । পীযুষ হাজৰীকা সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য ।

gaurav-gogoi-replies dramatically-on-pijush-hazarikas-comments
গৌৰৱ গগৈ

গৌৰৱ গগৈৰ ভাষ্য

আমগুৰি, ২০ মাৰ্চ :সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ৰাজনীতিতো এতিয়া উত্তপ্ত পৰিৱেশ । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি নামিছে শাসক-বিৰোধী । যাৰ বাবে এতিয়া ৰাজনৈতিক বাক-বিতণ্ডাৰ উত্তাপত উৰ্ধ্বগামী হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশৰ পাৰাস্তম্ভ ।

ৰাজ্যৰ ১১ টা লোকসভা সমষ্টিত শাসকীয় দল বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তাৰে ভিতৰত দুটা সমষ্টি বিশেষভাৱে চৰ্চাত আছে । এটা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এসময়ৰ লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰা ডিব্ৰুগড় লোকসভা সমষ্টি আৰু আনটো হৈছে যোৰহাট লোকসভা সমষ্টি ৷ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে এসময়ৰ ছাত্ৰ নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । কিন্তু সকলোতকৈ বেছি চৰ্চাত আছে যোৰহাট লোকসভা সমষ্টি ।

যোৰহাট লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে বৰ্তমানৰ সাংসদ তপন গগৈ আৰু গৌৰৱ গগৈ । কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই সমষ্টিটোৰ নিৰ্বাচনী বাতাৱৰণ অধিক আকৰ্ষণীয় হৈ পৰিছে । এফালে গৌৰৱ গগৈৰ বিৰুদ্ধে শাসকীয় দলৰ প্ৰায় সকলো নেতাই আক্ৰমণাত্মক প্ৰচাৰ চলাইছে, আনহাতে গৌৰৱ গগৈয়ে এই সকলোবোৰৰে অতি নম্ৰ আৰু ভদ্ৰভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা শেহতীয়াভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে অতি আক্ৰমণাত্মক হোৱা দেখা গৈছে । কিন্তু তাৰে প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে অতি চতুৰতাৰে ।

"পীযুষ হাজৰীকা এজন ভাল ৰাজনৈতিক থ্ৰিলাৰ কাহিনী লিখা ব্যক্তি । তেখেতে ৰাজনৈতিক থ্ৰিলাৰ কাহিনীৰে এখন চিনেমা পৰিচালনা কৰি তাত নিজে অভিনয় কৰক । সেই চিনেমাখন চাবলৈ মই যাম ।" গৌৰীসাগৰত সাংবাদিকে পীযুষ হাজৰীকাৰ আক্ৰমণাত্মক দৃষ্টিভংগী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য গৌৰৱ গগৈৰ ।

উল্লেখ্য যে, মঙলবাৰে সন্ধ্যা গৌৰীসাগৰত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈ । গৌৰীসাগৰত উপস্থিত হৈয়ে গৌৰৱ গগৈয়ে এসময়ৰ অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ প্ৰতিমূৰ্তি আৰু সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে । আনহাতে, নিৰ্বাচন সন্দৰ্ভত নিজৰ মন্তব্যত গৌৰৱ গগৈয়ে এইবাৰ জয়ী হ'ব বুলি দৃঢ় মন্তব্য কৰে ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদী পুনৰ ক্ষমতালৈ আহিলে গণতন্ত্ৰ চিৰদিনলৈ নিঃশেষ হ'ব: নাগৰিক সমাজ

ABOUT THE AUTHOR

...view details