বোকাখাত, ১৩ মাৰ্চ : তাৰিখ ঘোষণা নহ'লেও আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ । ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে শাসকীয় দল বিজেপি আৰু অসম গণ পৰিষদে । শেহতীয়াকৈ কংগ্ৰেছ দলেও বৃহস্পতিবাৰে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা । সমানে তীব্ৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । এক কথাত ক'বলৈ গ'লে সাজু হৈছে ৰাজনৈতিক দলসমূহ । সাজু হৈছে দেশৰ নিৰ্বাচন বিভাগসমূহ ।
সুস্থ গণতন্ত্ৰৰ বাবে নিৰ্বাচন স্বচ্ছ আৰু নিকা হোৱাটো অতিকৈ আৱশ্যক ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বোকাখাততো নিৰ্বাচন বিভাগে আৰম্ভ কৰিছে তৎপৰতা ৷ বোকাখাত জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত সমাগত লোকসভা নিৰ্বাচন ২০২৪ স্বচ্ছ, নিকা আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কোষ স্থাপন কৰিছে ।
এই উপলক্ষে বুধবাৰে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত বোকাখাতৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া চিমী কৰণৰ সভাপতিত্বত লোকসভা নিৰ্বাচনৰ বাবে গঠিত সকলোবোৰ কোষৰ দায়িত্বত থকা বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে কোষসমূহ সঠিকভাৱে পৰিচালনা কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নিৰ্বাচন সংক্ৰান্তীয় নীতি নিৰ্দেশনাসমূহ, পোষ্টেল বেলট প্ৰক্ৰিয়া তথা ভোটদানৰ ক্ষেত্ৰত নিৰ্বাচনী নিৰ্দেশাৱলীসমূহ বিশদভাৱে ব্যাখ্যা কৰে ।
এই সভাত জিলা নিৰ্বাচনী বিষয়াই আগন্তুক লোকসভা নিৰ্বাচনত ভোটগ্ৰহণ কেন্দ্ৰৰ খতিয়ান, ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ খতিয়ান আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহত সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত আলোচনা কৰে ।
লগতে পঢ়ক :নগাঁৱত প্ৰাক্তন কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ যুঁজ