অসম

assam

ETV Bharat / state

অম্বুবাচীৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা - Ambubachi Mela 2024

Kamakhya Dham: অম্বুবাচী মেলাত কামৰূপ (ম) ত পৰীক্ষা অনুস্থিত নকৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ । এক জাননীযোগে এই নিৰ্দেশনা প্রেৰণ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কৰ ।

Education department notice to not to conduct exams in Kamrup (M) during Ambubachi Mela
অম্বুবাচীৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পৰীক্ষা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 10:38 PM IST

গুৱাহাটী, ১৩ জুন:অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলাক লৈ ইতিমধ্যে সাজু হৈছে দেৱালয় কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসন । লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষ । ইপালে অম্বুবাচীবাসী মেলাক লৈ জাৰি কৰা হৈছে কিছু নিৰ্দেশনাও ।

আগন্তুক অম্বুবাচী মেলাকলৈ শিক্ষা বিভাগে জাৰি কৰিছে কিছু বিশেষ নিৰ্দেশনা । অম্বুবাচীৰ সময়চোৱাত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী, প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কে নিৰ্দেশনা জাৰি কৰে ।

এই সম্পৰ্কে জিলা শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকলৈ ইতিমধ্যে জাননী জাৰি কৰিছে । নিৰ্দেশনাটোত উল্লেখ কৰা হয় যে যদিহে কোনো বিদ্যালয়ে এই সময়চোৱাত পৰীক্ষাৰ সময়সূচী ইতিমধ্যে প্ৰকাশ কৰিছে তেন্তে বিদ্যালয় প্ৰধানে পুনৰ নতুন সময়সূচী প্ৰকাশ কৰিব লাগিব । মহা অম্বুবাচী উপলক্ষে জাৰি কৰিছে এই নিৰ্দেশনা ।

উল্লেখযোগ্য দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম । কামাখ্যা ধামত প্ৰতিবছৰে অনুষ্ঠিত হয় অম্বুবাচী মেলা । এই বৰ্ষত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিনৰ বাবে বন্ধ থাকিব মন্দিৰ মূল দুৱাৰ । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ।

লগতে পঢ়ক:মহা অম্বুবাচী মেলালৈ কেইটিমান দিন, কি কি নিৰ্দেশনা অম্বুবাচীৰ সময়ত ? - Ambubachi Mela 2024

উখল-মাখল নীলাচলৰ বুকু: অম্বুবাচীৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি - Ambubachi Mela 2024

ABOUT THE AUTHOR

...view details