মেষ ৰাশি: গ্ৰহৰ দশা কিছু অস্পষ্ট দেখা গৈছে ৷ জ্ঞানী মানুহৰ দৰে কাম কৰক, অযথা খৰচ নকৰিব, আপোনাৰ প্ৰিয়জনক বজাৰ কৰোতে সাবধান কৰক ৷ কাৰো পৰা টকা ধাৰলৈ নল’ব আৰু যদি ল’ব লগা হয় তেন্তে সাবধানে ল’ব ৷ বেছি টকাৰ হ’লে আইনী কাগজ বনাই ধাৰলৈ ল’ব, নহ’লে বিশ্বাসী বন্ধুৰ পৰা লওক ৷ আপুনি কোৱা প্ৰতিটো কথাত মন দিয়ক, নহ’লে আপুনি মিছাতে বিবাদৰ মাজত সোমায় পৰিব ৷ যিয়ে আপোনাক অপমানিত কৰিব পাৰে ৷ গতিকে পাৰিলে আজিৰ দিনটো ঘৰতে থাকক আৰু শৰীৰৰ যত্ন লওক আৰু ভাল খাদ্য গ্ৰহণ কৰক ৷
বৃষ ৰাশি: এটা ভাল দিন ৷ আপোনাৰ কলাসন্মত গুণ আৰু আত্মবিশ্বাস আজি উচ্চ শিখৰলৈ গতি কৰিব ৷ আপোনাৰ মনত নজনা কথা একো নাই যেন বিশ্বাস হ’ব আৰু এই অৱস্থাই আপোনাৰ পাব লগা খিনি পোৱাত সহায় কৰিব ৷ ধনৰ ক্ষেত্ৰটো আপুনি দৰকাৰীখিনি পাবলৈ সক্ষম হ’ব ৷ গহনা আৰু আন ব্যৱহৃত বস্তু কিনিব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় কটাব পাৰিব ৷
মিথুন ৰাশি: আপুনি বিচৰা দৰে আজি আপুনি লাভ নকৰে ৷ উদ্দিগ্নতা আৰু চিন্তাই সমগ্ৰ দিনটো আগুৰি ৰাখিব ৷ চকুৰ সমস্যাত ভুগিব পাৰে ৷ পাৰিবাৰিক ক্ষেত্ৰতো নিবিচাৰাকৈ দন্দত সোমাই পৰিব পাৰে ৷ আনক যদি আঘাত কৰিব নিবিচাৰে তেন্তে আপোনাৰ ব্যবহাৰ আৰু কথা বাৰ্তা সলনি কৰিব লাগিব ৷ আকস্মিক দুৰ্ঘটনাৰ যোগ আছে ৷ অদৰকাৰী খৰচ আৰু চিন্তাই আপোনাক হেচাত ৰাখিব, গতিকে আপুনি অদৰকাৰী বুলি ভবা কামৰ পৰা আতৰত থাকক ৷ ধ্যান আৰু প্ৰাৰ্থনা কৰক, ভগৱানে আপোনাক আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাব ৷
কৰ্কট ৰাশি:গণেশৰ কৃপাত ধনৰ দিশৰ পৰা এটা লাভজনক দিন ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু ব্যৱসায়ত উন্নতি হ’ব ৷ মহিলা বন্ধুসকল আপোনাৰ বাবে লাভজনক হ’ব ৷ পত্নী আৰু সন্তানৰ পৰা আনন্দ পাব ৷ বিবাহৰ বাবে উত্তম দিন ৷ আপুনি সমগ্ৰ দিন সম্পূৰ্ণ সতেজ আৰু চিন্তামুক্ত অনুভব কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ আপোনাৰ প্ৰিয় খাদ্যৰ সোৱাদ লোৱাৰ পৰা আঁতৰি নাথাকিব ৷
সিংহ ৰাশি: এই দিনটো ব্যবসায়ী আৰু চাকৰিয়াল সকলৰ বাবে উপযুক্ত দিন ৷ আজি আপুনি হাতত লোৱা কামত সফলতা লাভ কৰিব ৷ আপোনাৰ কামত বচ সন্তুষ্ট হ’ব আৰু আপোনাক উৎসাহিত কৰিব, আপুনি সকলোৰে মনোযোগ আকৰ্ষণ কৰিব ৷ ঘৰুৱা ক্ষেত্ৰত আনন্দপূৰ্ণ মুহূৰ্ত উপভোগ কৰিব ৷ আপোনাৰ পিতৃৰ পৰা সহায় লাভ কৰিব ৷ সম্পত্তিৰ বিষয়ত চলি থকা বিষয় আপোনাৰ পক্ষত থাকিব ৷ আপোনাৰ শৰীৰেও আপোনাক সমানে লগ দিব ৷
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী দিন হ’ব ৷ ভ্ৰমণৰ কথা এতিয়াই ভাবক, কাৰণ এই ভ্ৰমণে আপোনালৈ আনন্দ কঢ়িয়াই আনিব ৷ প্ৰিয়গৰাকীৰ লগত বা বন্ধুৰ লগত ভ্ৰমণৰ লগতে ধৰ্মীয় ঠাইলৈও যাব পাৰে ৷ দূৰৰ পৰা ভাল খবৰৰ আশা কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্বন্ধ উন্নত হ’ব ৷ একেলগে তেওঁলোকৰ লগত ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে যদি এয়াই উৎকৃষ্ট সময় ৷ ধনৰ দিশতো লাভজনক সময়, কৰবাত জমা কৰিব বিচাৰিছে যদি সফল সময় ৷