অসম

assam

ETV Bharat / state

বিটিআৰ শান্তি চুক্তিৰ কেইবাটাও বিষয়ত ABSU ৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক - ABSU On Peace Accord implementation - ABSU ON PEACE ACCORD IMPLEMENTATION

ABSU On Peace Accord implementation : নিখিল বড়ো ছাত্ৰ সন্থাৰ এক বাৰজনীয়া প্ৰতিনিধিৰ দলৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বৈঠকত ২০২০ বৰ্ষত ভাৰত চৰকাৰৰ সৈতে হোৱা বড়ো শান্তি চুক্তি অনুসৰি ৰূপায়ণ কৰি থকা বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয় ।

CM's meeting with representatives of ABSU on several issues of BTR Peace Accord
ABSU ৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 10:14 AM IST

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : শনিবাৰে জনতা ভৱনত বি টি আৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত নিখিল বড়ো ছাত্ৰ সন্থাৰ এক বাৰজনীয়া প্ৰতিনিধিৰ দলৰ সৈতে এক বৈঠকত মিলিত হয় মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উক্ত বৈঠকত ২০২০ বৰ্ষত ভাৰত চৰকাৰৰ সৈতে হোৱা বড়ো শান্তি চুক্তি অনুসৰি ৰূপায়ণ কৰি থকা বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োয়ে ।

বৈঠকৰ পূৰ্বে সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয়, "বড়োলেণ্ড শান্তি চুক্তিৰ ৫ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ১২ জনীয়া এটি সজাতি দল মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহিছো । এই বৈঠকত মূলত দুটা বিষয়ত আলোচনা কৰা হ'ব । ইয়াৰ প্ৰধান বিষয়টো হ'ল বিটিআৰ শান্তি চুক্তিৰ একৰ পৰা বাৰলৈ প্ৰতিটো দফা ৰূপায়ণৰ ক্ষেত্ৰত পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব । দ্বিতীয়তে বড়োমাধ্যমৰ বিভিন্ন সমস্যাক লৈ ৩০ দফীয়া দাবী ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব ।’’

ABSU ৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমি আশা কাৰো ৰাজ্য চৰকাৰ উচ্চস্তৰীয় বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠক যথেষ্ঠ ফলপ্ৰসূ হ'ব । তাৰোপৰি বিটিআৰ শান্তিচুক্তিৰ ৩.১ অনুচ্ছেদ অনুসৰি সীমা সম্প্ৰসাৰণ, গাঁও অন্তৰ্ভুক্তি, বিটিআৰৰ অন্তৰ্গত সমষ্টি পুনৰ গঠন, কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলক এছ টি হিলছ হিচাপে সংৰক্ষণকে ধৰি বহুকেইটা বিষয়ে স্থান লাভ কৰিব এই বৈঠক । বড়ো মাধ্যমৰ সকলো বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ উন্নতিকৰণৰ প্ৰসংগতো মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত স্থান লাভ কৰিব ।"

ইফালে ভূটানৰ জেলত আৱদ্ধ হৈ থকা ৬ গৰাকী এন ডি এফ বি সদস্যক শুকুৰবাৰে মুকলি কৰি দিয়া প্ৰসংগত ভূটান চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় যে বৰ্তমানেও কাৰাবাস খাটি থকা এন ডি এফ বি সদস্যসকলক মুকলি কৰাৰ বিষয়টো আলোচনা কৰা হ'ব এই বৈঠকত ।

লগতে পঢ়ক :শান্তি চুক্তিৰ প্ৰতিটো দফাই ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী - ABSU On Peace Accord implementation

লগতে পঢ়ক :ইউ পি পি এল-বি পি এফক একত্ৰিত হোৱাৰ আহ্বান এবছুৰ সভাপতিৰ - ABSU President on BTR Politics

ABOUT THE AUTHOR

...view details