যোৰহাট: চাৰিটা শব্দ লিখা এখন পত্ৰ । পত্ৰখনতেই আছে এজন পুত্ৰই পিতৃ-মাতৃলৈ লিখা জীৱনৰ অন্তিম চাৰিটা শব্দ । পিতৃ-মাতৃৰ ওচৰৰ পৰা চিৰবিদায় লোৱাৰ এই শব্দকেইটা কিমান হৃদয় বিদাৰক হ'ব পাৰে এবাৰ কল্পনা কৰকচোন ! পিতৃ-মাতৃলৈ লিখা এই পত্ৰখনৰ পিচতেই সংসাৰৰ পৰা অজান দেশলৈ গুচি গ'ল এজন ফুলকুমলীয়া ছাত্ৰ । হঠাতেই যেন পিতৃ-মাতৃয়ে নভবা কথাটো সংঘটিত হ'ল । এই পত্ৰখনত লিখা আছিল-'মাম্মী,পাপা বাই বাই'।
অংকুৰিত হৈ কলিতেই মৰহি গ'ল এটি উজ্জ্বল সম্ভাৱনা । অত্যধিক পঢ়াৰ বোজা সহিব নোৱাৰি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনে গ্ৰহণ কৰিলে চৰমপন্থা !
এই ঘটনাটো সংঘটিত হৈছে শৈক্ষিক নগৰীৰূপে পৰিচিত যোৰহাটত । যোৰহাটৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান ডনবস্ক' লিচুবাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰই অত্যাধিক পঢ়াৰ বোজা সহিব নোৱাৰিলে । ফলত মাতৃৰ চাদৰৰ আচলৰে ডিঙত ফাচ লগাই সামৰিলে জীবন নাটৰ এই চমু অধ্যায় ।