গুৱাহাটী, ১৬ জুন :মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াযোগে যোৱা তিনি বছৰত ৰাজ্যখনত ষ্টার্টআপৰ সাফল্যৰ কিছু তথ্য প্রকাশ কৰিছে । কিন্তু বাস্তৱত সৰ্বভাৰতীয় প্ৰেক্ষাপটত ষ্টার্টআপৰ ক্ষেত্ৰত অসমৰ ছবিখন মুঠেও উৎসাহজনক নহয় ।
ষ্টাৰ্টআপ ইণ্ডিয়া যোজনাখন নতুনকৈ ব্যৱসায়ী আৰম্ভ কৰিব বিচৰা ব্যৱসায়ীসকলক সহায় কৰা, এটা গতিশীল ষ্টাৰ্টআপ পৰিৱেশ নিৰ্মাণ কৰা আৰু ভাৰতক এখন নিয়োগ বিচৰা দেশৰ সলনি নিয়োগ প্ৰদান কৰা দেশলৈ পৰিৱৰ্তন কৰাৰ লক্ষ্য ৰাখি ২০১৬ চনৰ ১৬ জানুৱাৰীত মুকলি কৰা হৈছিল ।
মুখ্যমন্ত্রীয়ে কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াযোগে প্রকাশ কৰা অনুসৰি বিগত তিনি বছৰত ৪৮৯ টা ষ্টার্টআপক চৰকাৰে সকলো ধৰণে সহায় কৰিছে ৷ ৭৪টা ষ্টার্টআপক ৭ কোটি টকাৰ অনুদান দিয়া হৈছে। ষ্টার্টআপবোৰে ৪০ কোটি টকা উপার্জন কৰিছে আৰু ৪,৯০০ টা সংস্থাপনৰ সৃষ্টি হৈছে ।
কেন্দ্রীয় চৰকাৰৰ বাণিজ্য মন্ত্রণালয়ৰ তথ্যত কিন্তু অসমৰ ষ্টার্টআপৰ ক্ষেত্ৰত ছবি উৎসাহজনক নহয় । কেন্দ্রীয় চৰকাৰৰ বাণিজ্য মন্ত্রণালয়ে অলপতে মুকলি কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত (২০১৯ চনৰ পৰা ২০২৩ চনলৈ) দেশত সৰ্বমুঠ ১,০৪,৮৮২টা ষ্টাৰ্টআপৰ স্বীকৃতি পাইছে ।
অসমত এনে ষ্টাৰ্টআপৰ সংখ্যা হৈছে মাত্র ১৯৫ । বাণিজ্য মন্ত্রণালয়ে মুকলি কৰা তথ্য অনুসৰি পাঁচ বছৰত দেশত ষ্টাৰ্টআপবোৰৰ যোগেদি প্রায় ১১.২৫ লাখ পোনপটীয়া সংস্থাপনৰ সৃষ্টি হৈছে । অসমত এই সংখ্যা হৈছে ৮,৯০৬ । অৰ্থাৎ দেশৰ মাত্ৰ ০.০০৭১ শতাংশ ।