সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিমূৰ্তি ফাঁচী কাঠত ওলোমাই প্ৰতিবাদ গোলাঘাট, 29 ফেব্ৰুৱাৰী : জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা ফেচবুক পোষ্টে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত । আহোম জনগোষ্ঠীৰ ৰাজ শাসনক লৈ বিতৰ্কিত মন্তব্য কৰি আহোমসকলৰ ৰোষত পৰিছে সাংবাদিকগৰাকী ৷ এইবাৰ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
আহোম জনগোষ্ঠীক লৈ সামাজিক মাধ্যমত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি বিগত দিনকেইটাত আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বৃহস্পতিবাৰে গোলাঘাট আৱৰ্ত ভৱনৰ সম্মুখত সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা ফাঁচী কাঠত ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে।
সাংবাদিক মনোজ কুমাৰ গোস্বামীক দালাল আখ্যা টাই আহোম ছাত্ৰ সন্থাৰ । যি সময়ত অসম আৰক্ষীয়ে সামাজিক মাধ্যমত কবিতা লিখিলে গ্ৰেপ্তাৰ কৰে তেনে সময়তে আহোম জনগোষ্ঠীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰূপ বক্তব্য দিয়াৰ পাচত সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাচতো তেওঁক এতিয়ালৈ গ্ৰেপ্তাৰ নকৰাৰ কাৰ্যত সন্দেহ প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে ।
আহোম অবিহনে অসমীয়া জাতি নহয়, আহোম জনগোষ্ঠীৰ লোকসকলে বৃহত্তৰ অসমীয়া সমাজ গঢ়িবলৈ আগভাগ ল'লে তাৰ পাচতো আহোম জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ বক্তব্য দিয়া সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে কেৱল মাত্ৰ আহোম জনগোষ্ঠীৰ বিভিন্ন সংগঠনে মাত মাতিছে এই ক্ষেত্ৰত বাকী জনগোষ্ঠীৰ লোকসকল নিমাত হৈ কাৰ্য অতি দুৰ্ভাগ্যজনক বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷ অচিৰেই সাংবাদিক মনোজ কুমাৰ গোস্বামীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী সংগঠনটোৰ । বৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভেদ আনিবলৈ সাংবাদিকগৰাকীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে এনেধৰণৰ পোষ্ট কৰিছিল বুলি সংগঠনটোৱে উল্লেখ কৰে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে সামাজিক মাধ্যমত এটা পোষ্ট লিখিছিল । পোষ্টটোত উল্লেখ কৰিছিল যে, ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে, কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ নিৰাপদ আশ্ৰয় আৰু পৃষ্ঠাপোষকতাতেই শংকৰদেৱ আৰু মাধৱদেৱে উৎকৃষ্টতম বৈষ্ণৱী সাহিত্যসমূহ ৰচনা কৰিছিল । মহাপুৰুষ দুজনৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ প্ৰতি নৰনাৰায়ণ আৰু চিলাৰায়ৰ অগাধ শ্ৰদ্ধা আছিল । যিটো কথা সমসাময়িক অসমৰ আনবোৰ শাসকৰ ক্ষেত্ৰত কব নোৱাৰি। উজনি আৰু মধ্য অসমত বাৰে বাৰে শংকৰদেৱ আৰু মাধৱদেৱ সেই সময়ৰ বিভিন্ন ৰজাৰ পৰা অবিশ্বাস্য হাৰাশাস্তিৰ সন্মুখীন হৈছিল । একাধিকবাৰ মৃত্যুদণ্ডৰে দণ্ডিত হৈ দুয়োজনৰ কথমপিহে প্ৰাণ ৰক্ষা পৰিছিল । নৰনাৰায়ণ আৰু চিলাৰায়ৰ প্ৰতি অসমীয়া মানুহ মাথোঁ এইকাৰণেই চিৰকৃতজ্ঞ থকা উচিত। অসমৰ মূল বুৰঞ্জীসমূহত কিন্তু নৰনাৰায়ণ আৰু চিলাৰায়ে পৰ্যাপ্ত গুৰুত্ব পোৱা নাই, যিমান পাইছে সেই নৃশংস অত্যাচাৰী নৃপতিকূলে ৷
লগতে পঢ়ক :সাংবাদিক মনোজ কুমাৰ গোস্বামীক আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী