ডিব্ৰুগড়, 8 মাৰ্চ :লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কামকাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি আৰু আপে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাচতেই তুংগত উঠিছে প্ৰচাৰ অভিযান । অসমতো কেজৰিৱাল শ্ল’গানেৰে প্ৰচাৰ তুংগত তুলিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ।
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আম আদমী পাৰ্টিৰ উদ্যোগত ‘অসমতো কেজৰিৱাল’ শ্ল’গান কাৰ্যসূচী ৰূপায়ণ কৰি আপৰ ৰাজনৈতিক লক্ষ্য ৰাইজক অৱগত কৰি প্ৰচাৰ অব্যাহত ৰাখিছে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে । ইয়াৰ মাজতেই নিশা শতাধিক দলীয় সমৰ্থকৰ সৈতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্যতম শক্তিশালী প্ৰাৰ্থী মনোজ ধনোৱাৰে মৰাণ নগৰত শতাধিক বিপণীত গ্ৰাহক তথা স্বত্বাধিকাৰীক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।