স্প’ৰ্টছ ডেস্ক: ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টি-20 খেলত দক্ষিণ আফ্ৰিকাই পাকিস্তানক 11 ৰাণত পৰাস্ত কৰে ৷ ইয়াৰ লগতে শৃংখলাটোত 1-0 ৰ অগ্ৰগতি লাভ কৰে দক্ষিণ আফ্ৰিকাই ।
184 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা পাকিস্তানে মাত্ৰ 172 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ অধিনায়ক মহম্মদ ৰিজৱানে 62 টা বলত 74 ৰাণ সংগ্ৰহ কৰে ৷ এই ইনিংছটোত আছিল 3 টা ছয় আৰু 5 টা চাৰি ।
ৰিজৱানৰ অধিনায়ককোচিত ইনিংছৰ পিছতো কিন্তু দলটোৱে জয়ৰ মুখ নেদেখিলে ৷ আনকি দলটোৰ 7 গৰাকীকৈ খেলুৱৈয়ে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে ।
প্ৰথমখন টি-20 ত পাকিস্তানৰ পৰাজয়
184 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা পাকিস্তানৰ খেলুৱৈসকলে বিশেষ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷ দলটোৰ অন্যতম খেলুৱৈ বাবৰ আজম শূন্য ৰাণত আউট হোৱাৰ বিপৰীতে ছেম আয়ুব 31 ৰাণত আৰু তৈয়ব তাহিৰ 18 ৰাণত পেভিলিয়নমুখী হোৱা দেখা যায় ৷
আনহাতে, শ্বাহিন আফ্ৰিদী আৰু ওছমান খানে 9 ৰাণ, ইৰফান খানে এক ৰাণ, আব্বাছ আফ্ৰিদীয়ো শূন্যতে আউট হয় ৷ মাথো অধিনায়ক মহম্মদ ৰিজৱানেহে সৰ্বাধিক 74 ৰাণ সংগ্ৰহ কৰে ৷
দক্ষিণ আফ্ৰিকাই বান্ধি দিছিল 184 ৰাণৰ লক্ষ্য
মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । পাকিস্তানৰ বলাৰসকলে 28 ৰাণতে 3 টাকৈ উইকেট দখল কৰি আয়োজক দলটোক চাপত পেলাইছিল ৷ ৰেজা হেণ্ড্ৰিক্স আৰু মেথিউ ব্ৰেটজকীয়ে ক্ৰমে 8 ৰাণকৈ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল ৷
আনহাতে, ৰাছি ভাণ্ডাৰডুছেন শূন্য ৰাণতে পেভিলিয়নলৈ উভতিছিল । তাৰমাজতে ডেভিদ মিলাৰে নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি দলটোক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছিল ৷
মিলাৰে ডোনোভান ফেৰেৰাৰ সৈতে 33 ৰাণ, জৰ্জ লিণ্ডেৰ সৈতে 31 ৰাণ আৰু হেইনৰিখ ক্লাসেনৰ সৈতে 43 ৰাণৰ অংশীদাৰিত্বৰে দলটোক বৃহৎ স্ক’ৰ সংগ্ৰহ কৰাত সহায় কৰে ৷ মিলাৰে 40 টা বলত 8 টা ছয় আৰু 4 টা চাৰিৰে সংগ্ৰহ কৰিছিল 82 ৰাণ ৷
তদুপৰি কালাছেনে 12 ৰাণ আৰু ফেৰেৰাই 7 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । জৰ্জ লিণ্ডে 24 টা বলত 48 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলি দলটোৰ স্ক'ৰ 183 ৰাণলৈ নিয়াত সহায় কৰে । পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদী আৰু আব্ৰাৰ আহমেদে 3 টাকৈ উইকেট দখল কৰে ৷ আনহাতে, আব্বাছ আফ্ৰিদীয়ে দুটা আৰু চুফিয়ান মুকিমে দখল কৰে এটা উইকেট ।
মিলাৰ-গাপ্টিলৰ অভিলেখ ভংগ ৰিজৱানৰ
ৰিজৱান টি-20 ক্ৰিকেটত সৰ্বনিম্ন গতিৰে অৰ্ধশতক অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেনত পৰিণত হৈছে ৷ খেলুৱৈগৰাকীয়ে 62 টা বলত 74 ৰাণ সংগ্ৰহ কৰাৰ পিছতো দলটোৱে জয়ৰ মুখ নেদেখিলে ৷ কিন্তু তেওঁ টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ মন্থৰ গতিত অৰ্ধশতক অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেনত পৰিণত হয় । ৰিজৱানে এই খেলখনত 52 টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । তেওঁ মাৰ্টিন গাপ্টিল, ডি জে ব্ৰাভো, ডেভিদ মিলাৰ আৰু মেথিউক অতিক্ৰম কৰিছিল এই অভিলেখ স্থাপন কৰে ৷ এই তালিকাৰ শীৰ্ষস্থানত আছে কে এল ৰাহুল, যিয়ে 56 টা বলত অৰ্ধশতক অৰ্জন কৰিছিল ।
টি-20 ক্ৰিকেটত সৰ্বাধিক মন্থৰ গতিত অৰ্ধশতক অৰ্জন কৰা বেটছমেনসকল
- কে এল ৰাহুল - 56 টা বল
- গৌতম গম্ভীৰ - 54 টা বল
- শোয়েব খান - 53 টা বল
- মহম্মদ ৰিজৱান - 52 টা বল
- এঞ্জেলো মেথিউছ - 50 টা বল
- মাৰ্টিন গাপ্টিল - 50 টা বল
- ডি জে ব্ৰাভো - 50 টা বল
- ডেভিদ মিলাৰ - 50 টা বল
ইয়াৰোপৰি ৰিজৱানে আন এক অভিলেখ গঢ়ে ৷ টি-20 ক্ৰিকেটত 8000 ৰাণ সম্পূৰ্ণ কৰে পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে । ৰিজৱানে 244 তম ইনিংছত এই কৃতিত্ব কৰি টি-20 ক্ৰিকেটত দ্ৰুততম 8000 ৰাণ সম্পূৰ্ণ কৰা চতুৰ্থগৰাকী বেটছমেনত পৰিণত হয় । ক্ৰিছ গেইল এই তালিকাৰ শীৰ্ষত আছে, যিয়ে 213 খন খেলত 8000 ৰাণ সম্পূৰ্ণ কৰে ।
টি-20 ক্ৰিকেটত আটাইতকৈ কম ইনিংছত 8000 ৰাণ সংগ্ৰহ কৰা বেটছমেনসকল
- ক্ৰিছ গেইল - 213
- বাবৰ আজম - 217
- বিৰাট কোহলী - 243
- মহম্মদ ৰিজৱান - 244
- এৰন ফিঞ্চ - 254
- ডেভিদ ৱাৰ্ণাৰ - 256
শ্বাহিন আফ্ৰিদী পাকিস্তানৰ প্ৰথমগৰাকী বলাৰ
পাকিস্তানৰ দ্ৰুত বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদীয়ে টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 100 টা উইকেট দখলৰ কৃতিত্ব গঢ়ে ৷ ডাৰবানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন মেচত 3 টা উইকেট দখল কৰাৰ পিছতে এই কৃতিত্ব অৰ্জন কৰে আফ্ৰিদীয়ে । এই কৃতিত্ব অৰ্জন কৰা পাকিস্তানৰ তৃতীয়গৰাকী বলাৰত পৰিণত হৈছে আফ্ৰিদী ৷
তেওঁৰ পূৰ্বে হাৰিছ ৰৌফ আৰু শাদাব খানেও 100 টা উইকেট দখল কৰিছে । শ্বাহিন শ্বাহ আফ্ৰিদী হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত 100 বা ততোধিক উইকেট দখল কৰা প্ৰথমগৰাকী পাকিস্তানী বলাৰ ৷ শ্বাহিন আফ্ৰিদীয়ে এদিনীয়াত 112 টা উইকেট আৰু টেষ্টত 116 টা উইকেট দখল কৰিছে ।
টি-20 ক্ৰিকেটত পাকিস্তানৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী
- হাৰিছ ৰৌফ – 110 টা উইকেট (76 ইনিংছ)
- শাদাব খান - 107 টা উইকেট (96 ইনিংছ)
- শ্বাহিন শ্বাহ আফ্ৰিদী - 100 টা উইকেট (74 ইনিংছ)
- শ্বাহিদ আফ্ৰিদী - 97 টা উইকেট (96 ইনিংছ)
- ওমৰ গুল - 85 টা উইকেট (60 ইনিংছ)
- ছৈয়দ আজমল - 85 টা উইকেট (63 ইনিংছ)
পাকিস্তানৰ টি-20 দলটো: মহম্মদ ৰিজৱান (অধিনায়ক), বাবৰ আজম, ছেম আয়ুব, ওছমান খান, তৈয়ব তাহিৰ, মহম্মদ ইৰফান খান, আব্বাছ আফ্ৰিদী, শ্বাহিন শ্বাহ আফ্ৰিদী, হৰিছ ৰৌফ, চুফিয়ান মুকিম আৰু আব্ৰাৰ আহমেদ ।
দক্ষিণ আফ্ৰিকাৰ টি-20 দলটো: হেনৰিখ ক্লাসেন (অধিনায়ক), ৰিজা হেণ্ড্ৰিক্স, ভান ডাৰ ডুছেন, মেথিউ ব্ৰিটজকি, ডেভিদ মিলাৰ, ডোনোভান ফেৰেৰা, জৰ্জ লেণ্ডে, এণ্ডিল চেমিলে, নাকাবা পিটাৰ, কাভিনা এমফাকা আৰু ওটানিয়েল বাৰ্টমান ।
লগতে পঢ়ক:বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; ব্ৰীছবেন টেষ্টৰ পূৰ্বে আঘাতপ্ৰাপ্ত ভাৰতীয় ক্ৰিকেটাৰ