অসম

assam

ETV Bharat / sports

আই পি এল 2025 ৰ পূৰ্বে বিস্ফোৰণ; সঞ্জয় মাঞ্জেৰকাৰৰ বিৰুদ্ধে উত্তাল সামাজিক মাধ্যম

সঞ্জয় মাঞ্জেৰকাৰৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা ভাৰতীয় বলাৰ মহম্মদ ছামী ৷ সামাজিক মাধ্যমত দিলে উচিত প্ৰত্যুত্তৰ ৷

IPL 2025
মহম্মদ ছামী আৰু সঞ্জয় মাঞ্জেৰকাৰ (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 21, 2024, 1:40 PM IST

স্প’ৰ্টছ ডেস্ক: সামাজিক মাধ্যম উত্তাল হৈ পৰিছে ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ মহম্মদ ছামী আৰু প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ সঞ্জয় মঞ্জৰেকাৰক কেন্দ্ৰ কৰি ৷

শেহতীয়াকৈ মঞ্জৰেকাৰে গুজৰাট টাইটানছৰ প্ৰাক্তন বলাৰ ছামীৰ মূল্য আই পি এলৰ নিলামত হ্ৰাস পাব বুলি মন্তব্য কৰাক কেন্দ্ৰ কৰিয়েই এই বিতৰ্কৰ সূত্ৰপাত ঘটে ৷ এই মন্তব্যৰ পিছত ছামীয়ে ইনষ্টাগ্ৰামত এটা ষ্টৰী শ্বেয়াৰ কৰি মঞ্জৰেকাৰক তীব্ৰ সমালোচনা কৰে ৷

মহম্মদ ছামীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Mohammed Shami Instagram)

সঞ্জয় মঞ্জৰেকাৰক উভতি ধৰিলে মহম্মদ ছামীয়ে

মহম্মদ ছামীয়ে সঞ্জয় মঞ্জৰেকাৰক সামাজিক মাধ্যমত উভতি ধৰা দেখা যায় ৷ ছামীয়ে বৃহস্পতিবাৰে পুৱা ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰে ৷ পোষ্টটোত মঞ্জৰেকাৰে নিজৰ জ্ঞান নিজৰ ওচৰত ৰখাৰ লগতে ভৱিষ্যতৰ বাবে ইয়াক সংৰক্ষণ কৰিব লাগে বুলি ছামীয়ে উল্লেখ কৰে ।

ছামীয়ে ইনষ্টাগ্ৰামৰ ষ্টৰীত এনেদৰে লিখিছিল, "জয় বাবা । আপোনাৰ ভৱিষ্যতৰ বাবেও অলপ জ্ঞান ৰাহি কৰক, ই সঞ্জয়জীৰ বাবে উপযোগী হ'ব নে ? যদি কোনোবাই ভৱিষ্যত জানিব বিচাৰে, ছাৰক সাক্ষাৎ কৰক" ।

আই পি এলত হ্ৰাস পাব ছামীৰ মূল্য

ইয়াৰ পূৰ্বে সঞ্জয় মঞ্জৰেকাৰে ষ্টাৰ স্প’ৰ্টছত ভৱিষ্যতবাণী কৰিছিল যে, সাম্প্ৰতিক সময়ত আঘাতৰ পৰিপ্ৰেক্ষিতত আই পি এলৰ নিলামত ছামীৰ মূল্য হ্ৰাস পাব । ছামীয়ে প্ৰায় এবছৰ গোঁৰোহাৰ আঘাতৰ বাবে আঁতৰি আছিল ক্ৰিকেটৰ পৰা ৷ কিছুদিন পূৰ্বেহে ক্ৰিকেটাৰগৰাকী উভতিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেলৰ পিছত ছামীয়ে সম্পন্ন কৰিছিল অস্ত্ৰোপচাৰ ৷

বিগত 19 নৱেম্বৰ, মঙলবাৰে ষ্টাৰ স্প’ৰ্টছত সঞ্জয় মঞ্জৰেকাৰে দিয়া ভাষ্য আছিল এনেধৰণৰ, "দলবোৰ নিশ্চিতভাৱে আগ্ৰহী হ'ব ৷ কিন্তু ছামীৰ আঘাতৰ বাবে আৰু আঘাতৰ পৰা আৰোগ্য হ'বলৈ লোৱা দীঘলীয়া সময়ৰ বাবে খেলুৱৈগৰাকীৰ মূল্য হ্ৰাস পাব" ৷

যদি ফ্ৰেঞ্চাইজি এটাই বহু পৰিমাণে ধন বিনিয়োগ কৰে আৰু তাৰপিছত খেলৰ মাজতে খেলুৱৈগৰাকীয়ে খেলৰ পৰা আঁতৰি থাকিবলগীয়া হয়, তেন্তে তেওঁলোকৰ বিকল্প চিন্তা কৰিব লাগে । এই চিন্তাৰ বাবেই তেওঁলোকৰ মূল্য হ্ৰাস হ'ব পাৰে ।

লগতে পঢ়ক:অলৰাউণ্ডাৰৰ শীৰ্ষস্থানত হাৰ্দিক পাণ্ডিয়াৰ ৰাজত্ব; তিনি নং স্থানলৈ উন্নীত তিলক বাৰ্মা

ABOUT THE AUTHOR

...view details