স্পৰ্টছ ডেস্ক, ১৯ জুন: নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় চুক্তি নাকচ কৰিছে । নিউজীলেণ্ড ক্ৰিকেটে বুধবাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ গঢ়িবলৈ তেওঁ বগা বলৰ অধিনায়কৰ ভূমিকাৰ পৰাও পদত্যাগ কৰিছে । টি-২০ বিশ্বকাপ ২০২৪ৰ দলটোৰ হতাশাজনক অভিযানৰ পিচতেই এই ঘোষণা কৰা হৈছে, য’ত নিউজীলেণ্ডৰ দলটোৱে ২০১৪ ৰ পিচত প্ৰথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয় ।
উইলিয়ামছনে নিউজীলেণ্ড ক্ৰিকেটক কয়, ‘ক্ৰিকেটৰ সকলো ফৰ্মেটতে দলটোক আগুৱাই লৈ যোৱাটো মোৰ বাবে অতি আবেগপ্ৰৱণ আৰু অৰিহণা যোগ্য এটা কাম । কিন্তু নিউজীলেণ্ডৰ গ্ৰীষ্মকালীন সত্ৰৰ সময়ত কেন্দ্ৰীয় চুক্তিৰ প্ৰস্তাৱ গ্ৰহণৰ অৰ্থ হৈছে বিশ্বৰ আন আন প্ৰান্তত খেলিবলৈ পোৱাৰ সুযোগ হেৰুওৱা ।
লগতে পঢ়ক:উন্নত প্ৰদৰ্শনেৰে ভাৰতৰ লক্ষ্য হ'ব ছেমি ফাইনেলত স্থান দখল - T20 World Cup 2024
কেন উইলিয়ামছনে বৰদিনৰ পূৰ্বে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৮খন মেচ খেলিব আৰু ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ নিউজীলেণ্ডৰ হৈ ৩৫০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা প্ৰবীণ খেলুৱৈগৰাকীয়ে কেন্দ্ৰীয় চুক্তি নাকচ কৰাৰ পিচত ভৱিষ্যতে এই চুক্তিত পুনৰ স্বাক্ষৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।
তেওঁ কয়, ‘নিউজীলেণ্ডৰ হৈ খেলাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু দলটোক কিবা এটা ঘূৰাই দিয়াৰ মোৰ ইচ্ছা এতিয়াও হ্ৰাস পোৱা নাই । অৱশ্যে ক্ৰিকেটৰ বাহিৰত মোৰ জীৱনটো সলনি হৈছে । ঘৰত অথবা বিদেশত পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ আৰু তেওঁলোকৰ সৈতে অভিজ্ঞতা উপভোগ কৰাটো মোৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ ।