নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ :কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত সোমবাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভাত দেখা গ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক ৷ সভাত ভাষণ প্ৰদান কৰি বিজেপিক কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল হেমন্ত ছোৰেণ ৷
অসম চৰকাৰৰ বিৰুদ্ধে বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰসংগত অসম চৰকাৰৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত হেমন্ত ছোৰেণে কয় যে তেওঁ মন গ’লেই ঝাৰখণ্ডলৈ আহে । কেৱল হিন্দু আৰু মুছলমান কৰি থাকে তেওঁ । সাম্প্ৰদায়িক পৰিৱেশ নষ্ট কৰাৰ বহু ডিগ্ৰী আছে তেওঁৰ । কেতিয়াবা চৰকাৰ ভংগ কৰাৰো চেষ্টা কৰে ৷
হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কয়, ‘‘ বাংলাদেশীসকলে অনুপ্ৰৱেশ কৰাৰ কথা কয় তেওঁ ৷ তেওঁলোকে কয় যে এই লোকসকল অসমৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈছে । এতিয়া প্ৰশ্নটো হ’ল- তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক কিয় পথ দি আছে ?’’ ৰাঁচীৰ নামকুমত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কেন্দ্ৰীয় চৰকাৰকো কঠোৰ সমালোচনা কৰে ৷
যুৱকসকলৰ মৃত্যুৰ বাবে দায়ী কৰোনা ভেকছিন :
কৰ্তব্যৰত অৱস্থাতে চিপাহীৰ মুত্যুত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে শোক প্ৰকাশ কৰে । তেওঁ কয়, ‘‘আজিকালিতো ঘূৰি-ফুৰোতেও মানুহৰ মৃত্যু হয় ৷ ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে কৰোনা ভেকছিন । ভুল ভেকছিনে যুৱকসকলৰ প্ৰাণ কাঢ়ি আছে ৷ সাধাৰণ ৰোগতে এতিয়া যুৱক-যুৱতীসকলৰ মৃত্যু হৈছে ৷ সমগ্ৰ বিশ্বই প্ৰত্যাখ্যান কৰা ভেকছিনটো দেশবাসীক বলপূৰ্বকভাৱে প্ৰদান কৰা হ’ল ৷ বিজেপিয়ে এইটো কেৱল ছান্দা লাভৰ বাবে কৰিলে ৷ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে বিজেপিৰ মানুহে ইমানে মিঠা কথা কয় যে আনকি গুড়ো বিফল হয় । কিন্তু তেওঁলোকৰ মিঠাত বিষ আছে ৷