গুৱাহাটী, ৩১ জানুৱাৰী: ভাৰত জোড়ো ন্যায় আন্দোলনৰ সময়ত আইন ভংগৰ অভিযোগ তুলি গোচৰ ৰুজু কৰা হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ৷ যোৰহাট আৰক্ষীৰ তলব অনুসৰি বুধবাৰে যোৰহাট আৰক্ষী থানাত উপস্থিত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ৷ থানাত ভূপেন বৰাক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱনত সৰৱ হৈ পৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকল ।
উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত আইন ভংগ কৰাৰ অভিযোগ তুলি যোৰহাট থানাত ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিত আজি ভূপেন বৰা যোৰহাট থানাত হাজিৰ হোৱাৰ সমান্তৰালকৈ অসম চৰকাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰে ।
উল্লেখ্য যে ভূপেন বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকা কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকল গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ কৰাৰ বাবে পুৱা মিলিত হৈছিল । কিন্তু আৰক্ষীয়ে বৰাক যোৰহাট আৰক্ষী থানাত সোধা-পোছা কৰি যাবলৈ দিয়াৰ বাবে পিচত ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাই সংবাদমেল সম্বোধন কৰে ।