গুৱাহাটী, ২২ আগষ্ট : “ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত ফাদিল হোৱা আদানীৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ ই ডিয়ে ভয় খাইছে ৷ আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সনা-পোটোকা ফাদিল হোৱাৰ ভয়ত যুটীয়া সংসদীয় কমিটি গঠন কৰিবলৈ বিজেপি চৰকাৰে ভয় খাইছে ৷ আমি এই কমিটি গঠন কৰিবলৈ বাধ্য কৰিম ৷ সংসদত আমাৰ বিৰোধীৰ ২০০তকৈয়ো অধিক সদস্য আছে ৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানীৰ যি কেলেংকাৰী ওলাইছে এয়া দেশৰ জনতাৰ ওচৰত তন্ন-তন্নকৈ ফাদিল কৰিব কংগ্ৰেছ দলে ৷”- হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আৰু ইয়াত নাম সাঙোৰ খাই পৰা উদ্যোগপতি গৌতম আদানীৰ প্ৰসংগত আজি এইদৰে হুংকাৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
“ ই ডি- এনফৰ্চমেণ্ট ডাইৰেক্টৰেটক আমি সকীয়াই দিব খুজিছো যে তেওঁলোকে ই ডিক বিজেপিৰ পোহনীয়া কুকুৰৰ দৰে ব্যৱহাৰ কৰাটো বন্ধ কৰক ৷ এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আমাৰ দেশৰ এটা সংবিধান প্ৰদত্ত প্ৰতিষ্ঠান ৷ এই অনুষ্ঠানৰ গৰিমা যোৱা সময়ছোৱাত যথেষ্ট লুণ্ঠিত হৈছে । আৰু সহ্য কৰা নহ’ব ৷”- ই ডিক বিজেপিৰ পোহনীয়া কুকৰৰ লগত তুলনা কৰি গুৱাহাটীত ই ডিৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে এই সকীয়নি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷
উল্লেখ্য যে ই ডিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে আজি অসমতো প্ৰদেশ কংগ্ৰেছে পালন কৰে প্ৰতিবাদ ৷ দেশৰ ৰাজ্যই ৰাজ্যই ই ডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী পালন কৰিছে কংগ্ৰেছ দলে ৷ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ই ডিৰ কাৰ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ দেশত আলোড়ন সৃষ্টি কৰা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন, ছেবিৰ অধ্যক্ষৰ বিৰুদ্ধে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷