গাজৰক সাধাৰণতে পুষ্টি সমৃদ্ধ পাচলি বুলি গণ্য কৰা হয় ৷ গাজৰৰ উপকাৰিতা অনেক ৷ ইয়াৰ উপৰিও পেটৰ সৈতে জড়িত সমস্যা, পিত্তৰোগ, যকৃতৰ ৰোগ, জণ্ডিচ, প্ৰস্ৰাৱৰ ৰোগ, ছালৰ ৰোগ, চকুৰ ৰোগ আদিৰ দৰে বহু ৰোগ নিৰাময় কৰাত গাজৰৰ ব্যৱহাৰ হয় । শীতকালতো গাজৰৰ হালোৱা খালে শৰীৰে প্ৰচুৰ পৰিমাণে শক্তি লাভ কৰে ৷ গাজৰ খালে দৃষ্টিশক্তি উন্নত, ছাল উজ্জ্বল হোৱাৰ লগতে শৰীৰত এণ্টিঅক্সিডেণ্টৰ অভাৱ পূৰণ হয় ৷ কিন্তু আপুনি জানি আচৰিত হ'ব যে গাজৰ সকলোৰে বাবে লাভজনক নহয় ৷ কোনসকল লোকৰ বাবে গাজৰ অপকাৰী, আজি জানো আহক-
ডায়েবেটিচ ৰোগী
গাজৰত কাৰ্বহাইড্ৰেট আৰু শৰ্কৰা থাকে, যিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ প্ৰভাৱিত কৰিব পাৰে ৷ গাজৰৰ গ্লাইচেমিক সূচক কম যদিও বেছিকৈ খালে ডায়েবেটিচ ৰোগীৰ বাবে ক্ষতিকাৰক হৈ পৰে ৷ ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে ৷ সেয়েহে, ডায়েবেটিচ ৰোগীসকলে নিয়ন্ত্ৰিত পৰিমাণত গাজৰ গ্ৰহণ কৰিব লাগে ৷ আচলতে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গাজৰ খাব লাগে ৷
থাইৰইড ৰোগী
গাজৰত 'গইট্ৰোজেন' নামৰ উপাদান থাকে, যি থাইৰইড গ্ৰন্থিৰ কাৰ্য প্ৰভাৱিত কৰে ৷ এই উপাদানটোৱে আয়'ডিন শোষণত বাধা দিয়ে, যাৰ ফলত থাইৰইড গ্ৰন্থিত প্ৰদাহ আৰু কাৰ্যত সমস্যা হ'ব পাৰে ৷ হাইপোথাইৰয়ডিজম বা অন্যান্য থাইৰইডৰ সমস্যাত ভুগি থকা লোকসকলে গাজৰ গ্ৰহণ সীমিত কৰিব লাগে ৷ অৱশ্যে, যদি থাইৰইডৰ চিকিৎসা চলি আছে, চিকিৎসকৰ পৰামৰ্শ লৈ গাজৰ খাব পাৰে ৷
পেটৰ সমস্যা
পেটৰ সমস্যাত ভুগি থকা লোকসকলেও গাজৰ খাওঁতে সতৰ্ক হ'ব লাগে ৷ গাজৰক পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচনা কৰা হয় ৷ কিয়নো ইয়াত ভাল পৰিমাণৰ আঁহ থাকে ৷ কিন্তু, যদি এজন ব্যক্তিৰ পেট সম্পৰ্কীয় সমস্যা যেনে, কোষ্ঠকাঠিন্য, গেছ বা এচিডিটি থাকে, গাজৰ অত্যধিক গ্ৰহণে তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে ৷ গাজৰ অত্যধিক খোৱাৰ ফলত পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যা হয় ৷ সেয়েহে, পেটৰ সমস্যাৰ সৈতে যুঁজি থকা ব্যক্তিসকলে গাজৰ খোৱা পৰিহাৰ কৰিব লাগে অথবা সীমিত পৰিমাণত খাব লাগে ৷