গুৱাহাটী:ৰ'জ আৰু জেকৰ পুনৰ উভতনি কহিনুৰৰ মঞ্চলৈ । ভ্ৰাম্যমাণৰ জনপ্ৰিয় নাট্যগোষ্ঠী কহিনুৰ থিয়েটাৰে ৫০ বছৰীয়া যাত্ৰা উপলক্ষে পুনৰ এবাৰ মঞ্চস্থ কৰিব এসময়ত সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰা "টাইটানিক" । ১৯৯৮-১৯৯৯ নাট্যবৰ্ষত পোনপ্ৰথমবাৰ কহিনুৰৰ মঞ্চত মঞ্চস্থ হৈছিল "টাইটানিক"ৰ হেমন্ত দত্তই দিয়া নাট্যৰূপ । প্ৰথম বৰ্ষতেই দৰ্শকৰ বিপুল সমাদৰ লাব কৰাৰ পাছত দ্বিতীয়বাৰ ১৯৯৯-২০০০ বৰ্ষত এই নাটকখন মঞ্চস্থ কৰা হৈছিল ।
সোণালী জয়ন্তী বৰ্ষতেই তৃতীয়বাৰৰ বাবে আকৌ এবাৰ কহিনুৰৰ মঞ্চত এই নাটকখন মঞ্চস্থ কৰিবলৈ লোৱাৰ সিদ্ধান্ত সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰযোজক তপন লহকৰে কয়-"কহিনুৰৰ ৫০ বছৰীয়া যাত্ৰা উপলক্ষে এখন বিশেষ নাটক কৰাৰ পৰিকল্পনা আছিল । বিশেষ নাটক বুলি ক'লে তিনিখন নাটকৰ ভিতৰত এখন পুৰণি নাটক কৰাৰ তাগিদা দৰ্শকৰ পৰাও আছিল, লগতে ময়ো এই কথাটো চিন্তা-চৰ্চা কৰি আছিলোঁ । নৱ-প্ৰজন্মৰ লগত খাপ খোৱাকৈ কোনখন নাটক ল'লে উপকৃত হ'ব পৰা যাব সেয়াও চিন্তা কৰা হৈছিল ।
তেনেকুৱা এটা কাৰণতেই হেমন্ত দত্তৰ 'টাইটানিক' নাটকখনেই পুনৰ মঞ্চস্থ কৰাৰ সিদ্ধান্ত ললো । কহিনুৰৰ প্ৰতি হেমন্ত দত্তৰ যথেষ্ট অৱদান আছে । তেনে পৰিপ্ৰেক্ষিতত তেখেতক এৰি ৫০ বছৰ উদযাপন কৰাটো ভাল কাম বুলি নিশ্চয় বিবেচিত নহ'ব । সেই সোণালী বৰ্ষ উপলক্ষে তেঁওক সন্মান জনোৱাৰ লগতে কহিনুৰৰ গৰিমাও যাতে অক্ষুণ্ণ থাকে তাৰে প্ৰচেষ্টা হাতত লোৱা হৈছে । 'টাইটানিক' নাটকখন সমগ্ৰ ভাৰতবৰ্ষতে সমাদৃত হৈছিল । এখন যুগমীয়া নাটক বুলিয়ে ক'ব পাৰি ।"
গুৰুজী আদ্য শৰ্মা অবিহনে "টাইটানিক"ৰ কাৰিকৰী দিশৰ দায়িত্ব ল'ব ?