চিটাৰা ডেস্ক, ৩১ জানুৱাৰী:পাকিস্তানী অভিনেত্ৰী ছানা জাভেদ আৰু পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকে যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ২০ জানুৱাৰীত ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছিল শ্বোৱেইব আৰু ছানাৰ বিয়াৰ ফটো । ইয়াৰ পিচতে এই সন্দৰ্ভত সকলোৱে চৰ্চা আৰম্ভ কৰে ৷ অনুৰাগীৰ বাবে আটাইতকৈ আচৰিত হোৱাৰ কাৰণ আছিল যে ভাৰতৰ প্ৰাক্তন টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু শ্বোৱেইব মালিকক সুখী বিবাহিত দম্পতী যেন দেখা গৈছিল ৷ এনে পৰিস্থিতিত দুয়োৰে বিচ্ছেদ, আকৌ শ্বোৱেইবৰ বিবাহক গ্ৰহণ কৰিব পৰা নাছিল ভাৰত তথা পাকিস্তানৰ লোকে ৷ এতিয়া বাংলাদেশী লেখিকা তছলিমা নাছৰিণে শ্বোৱেইব-ছানাৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
বাংলাদেশৰ জনপ্ৰিয় লেখিকা তছলিমা নাছৰিণে শ্বোৱেইব-ছানাৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । তছলিমাই শ্বোৱেইব মালিকক বেয়া মানুহ বুলি কৈছে আৰু অতি সোনকালে ছানা আৰু শ্বোৱেইবৰ বিচ্ছেদৰ খবৰো ওলাব বুলি কৈছে ।
তছলিমা নাছৰিণে শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এটা সাক্ষাৎকাৰত কয়, ‘‘যদি তেওঁ (শ্বোৱেইব মালিকে) ইছলামত বিশ্বাস কৰে তেন্তে তেওঁক বিবাহ বিচ্ছেদ কৰাৰ কোনো প্ৰয়োজন নাই, তেওঁ একেলগে চাৰিগৰাকী পত্নীৰ সৈতে থাকিব পাৰিব ৷ মই ভাবিছিলো ছানিয়া মিৰ্জা আৰু শ্বোৱেইব মালিক সুখী বিবাহিত দম্পতী, কিন্তু মোৰ ভুল হৈছিল । ইমান বুদ্ধিমান হোৱাৰ পিচতো ছানিয়া মিৰ্জাই কিয় ইমান বেয়া ল’ৰাক বিয়া কৰালে ?’’