অসম

assam

ETV Bharat / entertainment

ছুপাৰহিট বোলছবি হিয়া দিয়া নিয়াৰ ৰূপালী জয়ন্তী, নষ্টালজিক অভিনেতা ৰবি শৰ্মা - ASSAMESE FILM HIYA DIYA NIYA

‘‘হিয়া দিয়া নিয়া’’কলৈ নষ্টালজিক হৈ পৰিল অভিনেতা ৰবি শৰ্মা । সামাজিক মাধ্যমত এটা পোষ্ট যোগে অভিনেতাগৰাকীয়ে সুঁৱৰিলে ছবিখনৰ পুৰণি স্মৃতি ।

Ravi sarma
নষ্টালজিক অভিনেতা ৰবি শৰ্মা (Photo : Ravi Sarma Facebook)

By ETV Bharat Entertainment Team

Published : Feb 27, 2025, 11:11 AM IST

Updated : Feb 27, 2025, 1:46 PM IST

গুৱাহাটী : ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল অসমীয়া ছবি ‘‘হিয়া দিয়া নিয়া’’ই ৷ এই বৰ্ষত ছবিখনে সফলতাৰে ২৫ টা বৰ্ষত ভৰি দিছে ৷ ২০০০ চনৰ ২৫ ফেব্ৰুৱাৰী মুক্তি লাভ কৰিছিল ছবিখনে । সেই সময়ত অৰুণাচলৰ বিভিন্ন মোহনীয় লোকেশ্যনত ছবিখনৰ শ্বুটিং কৰা হৈছিল ৷

যতীন বৰা, ৰবি শৰ্মাকে আদি কৰি লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰীৰ দৰে মোহময়ী অভিনেত্ৰীক সামৰি এটা বৰ সৰল কাহিনীৰে দৰ্শকৰ মন মুহিবলৈ চেষ্টা কৰিছিল পৰিচালক মুনিন বৰুৱাই ।

মুনিন বৰুৱাৰ কাম আৰু দৰ্শকৰ প্ৰশংসাৰে আজিও জীপাল ছবিখন । ‘হিয়া দিয়া নিয়া’ ৰ ৰূপালী জয়ন্তী উপলক্ষে নষ্টালজিক হৈ পৰা দেখা গ'ল অভিনেতা ৰবি শৰ্মাক ।

সামাজিক মাধ্যমত ছবিখনৰ দৃশ্যগ্ৰহণৰ এখন ফটো আপলোড কৰি অভিনেতাগৰাকীয়ে উল্লেখ কৰে, "সময়ৰ সোঁতে আমাক দেখুৱাই দিলে ভৱিষ্যতৰ বাট, স্মৃতিবোৰ ৰৈ গ’ল হৃদয়ৰ বোকোচাত । ২৫ ফেব্ৰুৱাৰী, ২০০০ত যাত্ৰাৰম্ভ কৰা অসমীয়া বোলছবি হিয়া দিয়া নিয়াই কালি সম্পূৰ্ণ কৰিলে ২৫টা সোণালী বসন্ত । আজি মনত পৰিছে ২৫ বছৰ আগতে আমি হাঁহি-ধেমালিৰ মাজেৰে আৰম্ভ কৰা এটি কাহিনীৰ কথা । কেনে প্ৰাণোচ্ছল আবেগেৰে আমি অভিনয় কৰিছিলো, সংলাপ আওৰাইছিলো... হাঁহি, কান্দোন, বিষাদ আৰু কত কি ! যেন সৌ সিদিনাৰহে কথা... হিয়া দিয়া নিয়া‌ বোলছবিখন প্ৰতিগৰাকী চলচ্চিত্ৰ অনুৰাগীৰ মনত চলি থাকক সদায়েই..."

উল্লেখ্য যে, কিছুদিন পূৰ্বে ‘‘হিয়া দিয়া নিয়া’’ৰ এই ২৫ টা সফল বৰ্ষ উদযাপন কৰা দেখা গৈছিল অভিনেতা যতীন বৰাক । সামাজিক মাধ্যমত ভিডিঅ’ বাৰ্তা যোগে আৱেগ প্ৰকাশ কৰিছিল যতীন বৰাই ৷ বিশিষ্ট পৰিচালক মুনিন বৰুৱাদেৱৰ ‘‘হিয়া দিয়া নিয়া’’ৰ অন্যতম শ্ৰেষ্ঠ গীত ‘‘মিঠা মিঠা আজি সপোনৰে’’ গীতটো অৰুণাচলৰ কোন ঠাইত কিদৰে শ্বুটিং কৰা হৈছিল তাকেই ভিডিঅ’ যোগে জনাইছিল অভিনেতাগৰাকীয়ে ।

আজি ২৫ টা বছৰ পিছতো ছবিখনৰ প্ৰতিটো গীত তথা কাহিনী ৰোমন্থন কৰে দৰ্শকে । ‘হিয়া দিয়া নিয়া’ আছিল পৰিচালক মুনিন বৰুৱাৰ অন্যতম মাষ্টাৰপিছ । ছবিখনে সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, ছবিগৃহৰ সন্মুখত লানি-নিছিগা সোঁত বৈছিল দৰ্শকৰ । সেই সময়ত ছবিখনৰ মুঠ উপাৰ্জন আছিল প্ৰায় ১ কোটি ।

‘‘হিয়া দিয়া নিয়া’’ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে । এই ছবিখনৰ জৰিয়তে অসমীয়া ছবিৰ সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷

লগতে পঢ়ক :হিয়া দিয়া নিয়াৰ 25 বছৰ; অতীতক ৰোমন্থন কৰি আৱেগিক যতীন
Last Updated : Feb 27, 2025, 1:46 PM IST

ABOUT THE AUTHOR

...view details