গুৱাহাটী:২০২৫ বৰ্ষৰ আৰম্ভণিতে আহি আছে এখন নতুন ছবি 'গোলাই চোৰ' । শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুক্তিলাভ কৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ টিজাৰ । Zeng Entertainment ৰ আৰু অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন মুক্তি লাভ কৰিব আগন্তুক বর্ষৰ ১৭ জানুৱাৰীত । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।
ছবিখনৰ পৰিচালক ৰক্তিম কমল বৰুৱাই জনোৱা অনুসৰি এইখন এখন এখন পিৰয়ডিক হাস্যমধুৰ ছবি । যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম হিচাপে লৈ এই ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে । আনহাতে বাকী কিছু অংশ কাল্পনিক । ১৯৪৫ চনৰ কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাক লৈ চোৰ আৰু পুলিচৰে এটা কাহিনী হাস্যমধুৰভাৱে ছবিখনত উপস্থাপন কৰা হৈছে । আনহাতে ২০২২ চনতে ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল যদিও কিছু কাৰণবশতঃ ছবিখনৰ কাম দীঘলীয়া হৈ গ'ল ।
২০২৩ চনত টীম গোলাই চোৰৰ লগতে জড়িত হয় অসম ৰাজ্যিক অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম । উল্লেখযোগ্য যে, এই ছবিখনত অভিনয় কৰিছে হিমাংশু গগৈ, কেনী বসুমতাৰী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ, মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, জয়ন্ত ভাগৱতী, জয়ন্ত দাস, প্ৰতিভা চৌধুৰীকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে আৰু চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ ।