চিটাৰা ডেস্ক, ১৩ মাৰ্চ:‘এনিমেল’ৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা আৰু আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ মাজত হোৱা বিবাদ এতিয়া শেষ হোৱাৰ দিশত । কিৰণ ৰাৱে সলনি কৰিলে পূৰ্বে দিয়া নিজৰ মন্তব্য ৷ শেহতীয়াকৈ কিৰণে সন্দীপ ৰেড্ডী ভাংগাৰ প্ৰশংসা কৰাৰ লগতে, তেওঁৰ ছবিখন চোৱাৰ কথাও উল্লেখ কৰে । এটা সময়ত কিৰণ ৰাৱে কৈছিল যে তেওঁ নাৰী বিৰোধী ছবিৰ বিৰোধিতা কৰে, কিন্তু লাহে লাহে যেন সলনি হৈছে তেওঁৰ মতামত ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, ‘এনিমেল’ৰ বিৰুদ্ধে নাৰী বিৰোধী ছবি বুলি অভিযোগ উত্থাপন হৈছিল ।
কিৰণ ৰাৱে চাব ‘এনিমেল’
এক সাক্ষাৎকাৰত পৰিচালক-প্ৰযোজক কিৰণ ৰাৱে প্ৰকাশ কৰে যে যদিও তেওঁ এতিয়াও ছবিখন চোৱা নাই, তথাপিও তেওঁ ছবিখনক এটা সুযোগ দিব বিচাৰিব, কাৰণ দৰ্শকে ছবিখন ভাল পাইছে । কিন্তু কিৰণে পূৰ্বে স্পষ্টকৈ কৈছিল যে তেওঁ এনে ছবি চাব নিবিচাৰে কাৰণ সেইবোৰ তেওঁৰ চিন্তাৰ লগত মিল নাই । ইয়াৰ উপৰিও তেওঁ নাৰীৰ চিত্ৰণক লৈও প্ৰশ্ন উত্থাপন কৰিছিল ।
সন্দীপৰ প্ৰশংসা কৰিলে কিৰণে
‘লাপতা লেডিজ’এ লাভ কৰা ভাল সঁহাৰিৰ কথা কৈ কিৰণে কয় যে সমালোচক আৰু দৰ্শক উভয়ৰে বাবে এখন ছবি ভাল পোৱাটো বিৰল । তেওঁ লগতে কয় যে দৰ্শকে একশ্যন ভৰ্তি ছবিৰ প্ৰতি অধিক আকৰ্ষিত, আনহাতে সমালোচকে সদায় তেনে নকৰে ।
তেওঁ কয়, ‘‘লাপাতা লেডিজে ইমান মৰম পাইছে, মই কৃতজ্ঞ । সমালোচকসকলেও ভাল পাইছে । যেতিয়া দৰ্শকে ছবি এখন ভাল পায়, তেতিয়া সমালোচকেও ছবিখন ভাল পোৱাটো প্ৰায়ে প্ৰয়োজনীয় নহয় । আজিকালি দৰ্শকে একশ্যন-পেকড, ভিএফএক্স ছবি ভাল পায় । 'এনিমেল'ৰ দৰে চিনেমা চাই ভাল পায় । চিনেমাখন চাব মন যায়, ই গুৰুত্বপূৰ্ণ । এই ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছে, কাৰণ ছবিখনক দৰ্শকে ভাল পাইছে ৷ শুনিছোঁ সন্দীপ ৰেড্ডী ভাংগাৰ কলা সঁচাকৈয়ে ভাল । তেওঁ নিজৰ কামত খুব ভাল । ৰণবীৰ কাপুৰো এজন ভাল অভিনেতা । এইখন মোৰ বাবে আকৰ্ষণীয় ছবি হ’ব ।’’