অসম

assam

ETV Bharat / entertainment

দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত মিথুন চক্ৰৱৰ্তী - MITHUN CHAKRABORTY DADASAHEB PHALKE

70th national film awards: আজি দিল্লীৰ বিজ্ঞান ভৱনত সন্মানীয় দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰে অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ৷

70th national film awards mithun chakraborty conferred with dadasaheb phalke award for cinematic excellence
মিথুন চক্ৰৱৰ্তী (Photo : ANI)

By ETV Bharat Entertainment Team

Published : Oct 8, 2024, 7:09 PM IST

Updated : Oct 8, 2024, 7:52 PM IST

চিটাৰা ডেস্ক, 8 অক্টোবৰ : এক দীঘলীয়া সময়জুৰি দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে নিজৰ বলিষ্ঠ কৰ্মদক্ষতাৰে চলচ্চিত্ৰ জগতখনক মহীয়ান কৰি ৰখা অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ বিশিষ্ট সন্মান ৷ মঙলবাৰে মিথুন চক্ৰৱৰ্তীৰ হাতত তুলি দিয়া হয় সন্মানীয় দাদা চাহেব ফাল্কে বঁটা ৷ আজি অনুষ্ঠিত হোৱা 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান মহোৎসৱত এই বঁটা প্ৰদান কৰা হয় তেওঁক ৷

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা এক্সত উল্লেখ কৰাৰ পাছত বলীউডত বৈছিল সুখৰ বন্যা ৷ অনুৰাগীসকলে চাৰিওফালৰে পৰা অভিনেতাজনক শুভেচ্ছা জ্ঞাপন কৰে ৷ নিজৰ মনৰ কথা প্ৰকাশ কৰি অভিনেতাজন বাকৰুদ্ধ হৈ পৰিছিল বুলি মত প্ৰকাশ কৰে ৷ এই সন্মানৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি মিথুন চক্ৰৱৰ্তীয়ে এটা নিউজৱায়াৰক কয়, “মোৰ ওচৰত শব্দ নাই । মই হাঁহিবও পৰা নাই, কান্দিবও পৰা নাই ৷ এইটো ইমান ডাঙৰ কথা...মই এইটো কল্পনা কৰিব পৰা নাছিলো । মই অত্যন্ত সুখী । মই এইটো মোৰ পৰিয়াল আৰু সমগ্ৰ বিশ্বৰ মোৰ অনুৰাগীসকলক উছৰ্গা কৰিছো ।”

“প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছত, মই ভাবিবলৈ আৰম্ভ কৰিছিলো যে মই আল পাচিনো হৈ পৰিছো । সেয়েহে, যেতিয়াই মই যিকোনো প্ৰযোজকৰ কাৰ্যালয়লৈ যাওঁ তেতিয়াই মই তেওঁৰ দৰে অভিনয় কৰিবলৈ লৈছিলো । তৃতীয়জন প্ৰযোজকে মোক তেওঁৰ কাৰ্যালয়ৰ পৰা উলিয়াই দিছিল... মই বুজি পাইছিলো যে মই এটা ভুল কৰিছো আৰু কোনেও মোৰ সৈতে কাম কৰিব নিবিচাৰে । মানুহে মোৰ বৰণটো লৈ মোক উপহাস কৰিছিল, সেয়েহে মই মানুহক মোৰ গাঢ় বৰণৰ বিষয়ে পাহৰিবলৈ কি কৰিব পাৰি সেই বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিলো । মই অনুভৱ কৰিছিলো যে মানুহক কেৱল মোৰ ভৰিৰ ফালে চাই থাকিবলৈ বাধ্য কৰিবলৈ মই মোৰ ভৰিৰে নাচিব পাৰো... মই ঠিক সেইটোকে কৰিছিলো আৰু মানুহে তেতিয়া মোৰ ৰং পাহৰি গৈছিল, মই আকৰ্ষণীয় হৈ পৰিছিলো, ডাস্কি বঙালী বাবু হৈ পৰিছিলো,” অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে ‘দাদাচাহেব ফাল্কে বঁটা’ লাভ কৰাৰ পিছত এনেদৰে কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চক্ৰৱৰ্তীক সাংস্কৃতিক আইকন হিচাপে প্ৰশংসা কৰি এই সাফল্য উদযাপন কৰে । এক্সৰ এটা পোষ্টত তেওঁ মন্তব্য কৰে, “ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অতুলনীয় অৱদানক স্বীকৃতি দি মিথুন চক্ৰৱৰ্তীজীক সন্মানীয় দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰাত আনন্দিত হৈছো । তেওঁ এজন সাংস্কৃতিক আইকন, তেওঁৰ বহুমুখী প্ৰদৰ্শনৰ বাবে প্ৰজন্মজুৰি প্ৰশংসিত । তেওঁক অভিনন্দন আৰু শুভেচ্ছা জনাইছো ।”

লক্ষণীয়ভাৱে, 74 বছৰীয়া মিথুন চক্ৰৱৰ্তীয়ে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মৃনাল সেনৰ 1976 চনৰ কালজয়ী চিনেমা মৃগয়াৰ সৈতে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । প্ৰবীণ অভিনেতাজন ডিস্কো ডান্সাৰ, কচম পেইদা কৰ্ণে ৱালে কি, কমাণ্ডো, ওএমজি: ও মাই গডৰ দৰে আৰু বহুতো চলচ্চিত্ৰত তেওঁৰ মন পৰশা অভিনয়ৰ বাবে বিখ্যাত ।

লগতে পঢ়ক :হাঁহিবও পৰা নাই, কান্দিবও পৰা নাই; বাকৰুদ্ধ আজি বলীউডৰ দাদা মিথুন চক্ৰৱৰ্তী - Mithun Chakraborty Dadasaheb Phalke

Last Updated : Oct 8, 2024, 7:52 PM IST

ABOUT THE AUTHOR

...view details